ফেচবুকত সুন্দৰী প্ৰতিযোগিতাৰে বিজেপিৰ চমক

ফেচবুকত সুন্দৰী প্ৰতিযোগিতাৰে বিজেপিৰ চমক

ডিজিটেল ডেস্কঃ ৰাজনীতিত ছ'চিয়েল মিডিয়াৰ গুৰুত্ব কিমান সেয়া হয়তো একমাত্ৰ বিজেপি দলেহে ভালদৰে বুজি পায়। হয়তো সেয়ে, দলৰ প্ৰতিখন বৈঠকতে বিজেপিৰ সভাপতি অমিত শ্বাহে এই বিষয়টো উত্থাপন কৰি আহিছে। ২০১৪ৰ দৰে ২০১৯ৰ নিৰ্বাচনতো ছ'চিয়েল মিডিয়াই মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলিয়েই ধাৰণা দলটোৰ শীৰ্ষ নেতৃত্বৰ। সেয়ে এইবাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে 'বিউটি উইথ ব্ৰেইন' প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ ওলাইছে মধ্যপ্ৰদেশ বিজেপি মহিলা মৰ্চাই।

জানিব পৰা মতে, ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত আয়োজন কৰা হৈছে 'মিছ ফেচবুক' প্ৰতিযোগিতা। ১৭-৩০ বৰ্ষীয় যুৱতীসকলে এই প্ৰতিযোগিতাত ভাগ ল'ব পাৰিব। অৱশ্যে ইয়াৰ বাবে প্ৰাৰ্থীগৰাকী কেৱল সুন্দৰী হ'লেই নহ'ব, তেওঁৰ থাকিব লাগিব ছ'চিয়েল মিডিয়া সম্পৰ্কীয় জ্ঞান। লগতে নখ দৰ্পণত থাকিব লাগিব বিজেপি চৰকাৰে হাতত লোৱা বিভিন্ন আঁচনিৰ কথা।

ছ'চিয়েল মিডিয়াৰ জৰিয়তে চৰকাৰী প্ৰকল্পৰ সুবিধাসমূহৰ বিষয়ে সৰ্বসাধাৰণক অৱগত কৰাৰ উদ্দ্যেশৰেই এই প্ৰতিযোগিতা আৰম্ভ কৰিছে বিজেপিয়ে। মহিলাসকলৰ সহায়ৰ বাবে মহিলাসকলকে আগভাগ লোৱাৰ সুযোগ দিয়া হ'ব প্ৰতিযোগিতাখনৰ জৰিয়তে। প্ৰতিযোগীসকলৰ থাকিব লাগিব ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ একাউণ্ট। এই কথা সদৰী কৰিছে মধ্যপ্ৰদেশৰ মহিলা মৰ্চাৰ নেত্ৰী লতা এলকাৰে।

জিলা, মহকুমা আৰু ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। প্ৰাৰ্থীসকলে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি চৰকাৰী প্ৰকল্পৰ কথা ৰাইজক অৱগত কৰাৰ ক্ষেত্ৰত দেখুউৱা পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰিয়েই ঘোষণা কৰা হ'ব বিজয়ীৰ নাম। পুৰস্কাৰ হিচাপে বিজয়ীসকলক প্ৰদান কৰা হ'ব লেপটপ, স্মাৰ্টফোন আদি।

উল্লেখ্য যে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই অধিক সক্ৰিয় হৈ পৰিছে শাসনাধিষ্ঠিত বিজেপি দলটো। বিৰোধী কংগ্ৰেছ দলে যাতে কোনোপধ্যে আগবাঢ়িব নোৱাৰে তাৰ বাবে এনেদৰে দলটোৱে হাতত লৈছে প্ৰচাৰৰ নিত্য নতুন কৌশল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in