অসমলৈ আহি বন্ধুৰ ভগ্নীক ফুচুলাই নিলে ৰাজস্থানী যুৱকে

অসমলৈ আহি বন্ধুৰ ভগ্নীক ফুচুলাই নিলে ৰাজস্থানী যুৱকে

ডিজিটেল সংবাদ, গোলাঘাটঃ ৰাজস্থানৰ পৰা অসমৰ বন্ধুৰ ঘৰলৈ ফুৰিবলৈ আহি সেই বন্ধুজনৰ ভগ্নীক পলুৱাই লৈ যোৱা ঘটনাই গোলাঘাট জিলাৰ দেৰগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শিঙৰাজানৰ জনৈক দত্ত উপাধিৰ লোকজনৰ মুম্বাইত কৰ্মৰত পুত্ৰৰ সৈতে কৰ্মসূত্ৰে বন্ধুত্ব গঢ়ি উঠিছিল ৰাজস্থানৰ যুৱকজনৰ। বন্ধু হোৱাৰ সুবাদতে দিনদিয়েকপূৰ্বে দত্তৰ মু্ম্বাইত কৰ্মৰত পুত্ৰৰ সৈতে অসমলৈ ফুৰিবলৈ আহে ৰাজস্থানী যুৱকজন।

পুত্ৰৰ ৰাজস্থানী বন্ধুক আপ্যায়নত কোনো ক্ৰুটি কৰা নাছিল দত্তৰ পৰিয়ালটোৱে। এনেদৰে প্ৰায় ২০ দিন ধৰি দেৰগাঁৱৰ বন্ধুৰ ঘৰতে কটায় মহেন্দ্ৰ কুমাৰ মালব্য নামৰ ৰাজস্থানী যুৱকজন। ৰাজস্থানৰ যুৱকজনৰ সৈতে পৰিয়ালটোৰ সকলোৰে ভাল সম্পৰ্ক গঢ় লৈ উঠাৰ সময়তে ৯ জুলাইৰ সন্ধিয়াৰ ভাগত সংঘটিত হয় এক অপ্ৰত্যাশিত ঘটনা।

সেই খবৰে হতভম্ব কৰি তোলে দত্তৰ পৰিয়ালটোক। কিয়নো সেইদিনা সন্ধিয়াৰ পিছৰে পৰা হঠা অন্তৰ্ধান হৈ পৰে ৰাজস্থানী যুৱকজন। ৰাজস্থানী যুৱকজনৰ লগতে অন্তৰ্ধান হয় দত্ত পৰিয়ালটোৰ ১৫ বৰ্ষীয় কন্যা। লগে লগে পৰিয়ালটোৰ সদস্যসকলে দুয়োকে ফোনযোগে যোগাযোগৰ চেষ্টা চলাই যদিও চুইটছঅফ পায়। ফোনযোগে যোগাযোগৰ চেষ্টা চলায়ো কোনো সন্ধান নোপোৱাত গোলাঘাটৰ ভিন্ন প্ৰান্তত বিচাৰ-খোচাৰ কৰিও বিফল হয়।

উপায়ন্তৰ হৈ পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপি ঘটনা সন্দৰ্ভত দেৰগাঁও থানত এখন এজাহাৰ দাখিল কৰে। অৱশ্যে আৰক্ষীয়ে বিষয়টোক লৈ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে পৰিয়ালটোৱে। দেৰগাঁও থানাৰ আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ তুলি আজি পৰিয়ালটোৱে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকক সবিশেষ অৱগত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছে।

উল্লেখ্য যে, দত্ত পৰিয়ালৰ মুম্বাইত কৰ্মৰত পুত্ৰৰ সৈতে বন্ধুত্ব সূত্ৰে আহি বন্ধুৰে ভগ্নীক লৈ পলায়ন কৰা মহেন্দ্ৰ নামৰ যুৱকজনক ৰাজস্থানৰ চম্পত কলনীৰ চুজাতি পথৰ নিৱাসী চহনলাল মালবিয়াৰ পুত্ৰ বুলি জানিব পৰা গৈছে। ইফালে, ঘটনাটোৰ সৈতে নাৰী ব্যৱসায়ী চক্ৰ জড়িত থকাৰো সন্দেহ কৰিছে স্থানীয় লোকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in