২৪ ঘণ্টাই কিয় অনলাইনত থাকে অসমৰ এইগৰাকী ৮৯ বছৰীয়া আইতা?

২৪ ঘণ্টাই কিয় অনলাইনত থাকে অসমৰ এইগৰাকী ৮৯ বছৰীয়া আইতা?

ডিজিটেল ডেস্কঃ কাম কৰাৰ কোনো বয়স নাথাকে। সপোন দেখাৰো নাথাকে বয়স। মন কৰিলেই ছন। ইচ্ছা থাকিলে যিকোনো বয়সতে কৰিব পাৰি যিকোনো কাম। লাগে মাথো উদ্যম আৰু আগ্ৰহ। এগৰাকী ৮৯ বছৰীয়া আইতা। এই বয়সত মানুহে ৰাম নাম লয়। কিন্তু তেওঁ নিজৰ বয়সক আওকাণ কৰি কৰিছে আন এক কাম। নাম তেওঁৰ লতিকা চক্ৰৱৰ্তী।

আইতাই এতিয়া বেছিভাগ সময় কটাই কম্পিউটাৰৰ আগত। অনলাইন থাকে আইতা। কিয়নো আইতাই খুলি লৈছে নিজৰ এটা ৱেবছাইট। তাৰ পিছতেই আইতাৰ এই ব্যস্ততা। আইতাই কি কৰে জানেনে? আপোনাক যদি ধুনীয়া এটা বেগ লাগে তেন্তে দোকানলৈ যাব নালাগে। ক্লিক কৰক আইতাৰ ৱেবছাইট।

২০১৪ চনৰ পৰা এইগৰাকী আইতাই বেগ প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছিল। এতিয়ালৈকে তিনি শতাধিক বেগ অনলাইনযোগে বিক্ৰী কৰিছে আইতাই। আইতাৰ বেগ কিনিবলৈ আপুনি ক্লিক কৰিব লাগিব latikasbags.com নামৰ ৱেবছাইটটো।

এই বেগবোৰ ইমান ধুনীয়া যে কিনিবলৈ গ্ৰাহকৰ হেতা-ওপৰা লাগে। প্ৰতিটো বেগৰে আছে নিজস্ব ডিজাইন। ৰাহি হোৱা কাপোৰেৰে আইতাই প্ৰস্তত কৰে এই বেগবোৰ।

আপুনি হয়তো এতিয়ালৈকে ভাবি আছে ক'ত থাকে আইতা? ক'ত ঘৰ তেওঁৰ? অসমৰে আইতা এইগৰাকী। তেওঁ বাস কৰে ধুবুৰীত। তেওঁৰ স্বামীৰ নাম কৃষ্ণলাল চক্ৰৱৰ্তী। ইতিমধ্যে স্বামীৰ মৃত্যু ঘটিছে। একমাত্ৰ পুত্ৰ ভাৰতীয় নৌ-সেনাৰ বিষয়া। নাম কেপ্তেইন ৰাজ চক্ৰৱৰ্তী। যি সময়ক পুত্ৰই পিতৃ-মাতৃক নাচাই বুলি অভিযোগ উঠে সেই সময়ত চাওক এইগৰাকী ৮৯ বছৰীয়া আইতাই কেনেকৈ নিজকে স্বাৱলম্বী কৰি তুলিছে?

এই বয়সত অনলাইনত বেপাৰ কৰি ঘটিছে ধন। আচলতে মন কৰিলেই ছন, খোজে প্ৰতি ধন। তাৰ প্ৰমাণ এইগৰাকী আমাৰে আইতা নহয়নে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in