বৰ্ষীয়ান বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্হৰ বাসগৃহলৈ গৈ আশীৰ্বাদ গ্ৰহণ দিলীপ শইকীয়াৰ

সভাপতি পদত অধিষ্ঠিত হোৱাৰ পিচত প্ৰথমবাৰ কাছাৰ বিজেপি কাৰ্যালয়ত উপস্থিত হোৱা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ক সোমবাৰে উষ্ম আদৰণি জনায় দলৰ কাৰ্যকৰ্তা আৰু বিধায়কসকলে

author-image
Tushar Pratim
New Update
 বৰ্ষীয়ান বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্হৰ বাসগৃহলৈ গৈ আশীৰ্বাদ গ্ৰহণ দিলীপ শইকীয়াৰ

ডিজিটেল সংবাদ শিলচৰঃ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পিচত প্ৰথমবাৰ কাছাৰ বিজেপি কাৰ্যালয়ত উপস্থিত হোৱা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ক সোমবাৰে উষ্ম আদৰণি জনায় দলৰ কাৰ্যকৰ্তা আৰু বিধায়কসকলে।‌ ইয়াৰ আগতে সভাপতি গৰাকীক বেণ্ড পাৰ্টিৰে পথৰ পৰা  শিলচৰৰ  ইটখলাস্হিত কাছাৰ বিজেপি কাৰ্যালয়লৈ আদৰি নিয়া হয়।

Advertisment

উৰুলিৰ ধ্বনি আৰু পুষ্পাবৰ্ষণ কৰা হয় প্ৰথম বাৰ দলীয় কাৰ্যালয়লৈ অহা ৰাজ্যিক সভাপতি গৰাকীক।‌ আদৰণি জনোৱাৰ পিচত এক কাৰ্যকৰ্তা সন্মিলনত অংশ লৈ আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থী সকলক জয়ী কৰাৰ ক্ষেত্ৰত ভাষণ প্ৰদান কৰে দিলীপ শইকীয়াই।

ইয়াৰ পুৰ্বে  উত্তৰ পূৰ্বাঞ্চল বিজেপিৰ পিতামহ তথা বৰ্ষীয়ান বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্হৰ বাসগৃহলৈ গৈ আশীৰ্বাদ গ্ৰহন কৰে দিলীপ শইকীয়াই। বৰ্তমান বাৰ্ধক্যজনিত কাৰণত ঘৰতে থকা বিজেপিৰ জ্যেষ্ঠ নেতা জনক এখন ফুলাম গামোচা পিন্ধাই আশীৰ্বাদ গ্ৰহন কৰে দিলীপ শইকীয়াই।

এই সন্দৰ্ভত তেওঁ এক্সত এক পোষ্টত কবীন্দ্ৰ পুৰকায়স্থক সাক্ষাত কৰি অসমীয়া আৰু বঙালী দুয়োটা নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ কথা উল্লেখ কৰিছে। তেওঁ বৰ্ষীয়ান বিজেপি নেতাগৰাকীৰ জীৱন নিস্বাৰ্থ সেৱা আৰু অটল সমৰ্পণৰ এক উজ্জ্বল উদাহৰণ বুলিও উল্লেখ কৰিছে। 

তেওঁ লিখিছে, তৃণমূল পৰ্যায়ৰ পৰা কেন্দ্ৰীয় কেবিনেটলৈকে কবীন্দ্ৰ পুৰকায়স্থৰ যাত্ৰাই দৃঢ়বিশ্বাস আৰু প্ৰতিশ্ৰুতিৰ শক্তি প্ৰতিফলিত কৰে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ বিকাশত কাবীন্দ্ৰ পুৰকায়স্থৰ অৱদানকো সোঁৱৰে। 

বিজেপি দিলীপ শইকীয়া