মিচিং জাতীয় সংগঠনক তুচ্ছ তাচ্ছিল্যৰ অভিযোগ: ঢকুৱাখনা সদৰ থানাত টি এম পি কেৰ গোচৰ

যোৱা ৪ জুলাইত চিলাপথাৰৰ ডিমৌত সংঘটিত এক উত্তেজনাময় পৰিস্থিতিত এটা বৈদ্যুতিন মাধ্যমৰ এগৰাকী সাংবাদিক প্ৰহৃত হোৱা ঘটনাত টি এম পি কেক জড়িত কৰা কাৰ্যৰ বিৰোধিতাৰে এজাহাৰ।

author-image
Asomiya Pratidin
New Update
মিচিং জাতীয় সংগঠনক তুচ্ছ তাচ্ছিল্যৰ অভিযোগ: ঢকুৱাখনা সদৰ থানাত টি এম পি কেৰ গোচৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ‘মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাং সদায় শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধত বিশ্বাসী এক প্ৰগতিশীল ছাত্ৰ সংগঠন। বিগত অৰ্ধ শতিকাৰো অধিক সময়ৰ বৰ্ণিল ইতিহাস সমৃদ্ধ এই জাতীয় ছাত্ৰ সংগঠনৰ জাতীয় দায়বদ্ধশীল সম্পন্ন ভাৱমূৰ্তিক উপহাস, বিনষ্ট আৰু তুচ্ছ তাচ্ছিল্য কৰি স্বাভিমানী সত্বাক আঘাট হানিলে সহ্য কৰা নহ’ব।‘ 

Advertisment

সোমবাৰে ঢকুৱাখনাত এই সকীয়নীমূলক মন্তব্য কৰে জাতীয় সংগঠনটোৰ ঢকুৱাখনা জিলা সমিতিয়ে। জিলা সভাপতি সঞ্জীৱ দলে, সম্পাদক অমজিৎ দলেৰ লগতে জিলা সমিতিয়ে ঢকুৱাখনা সদৰ থানাত উপস্থিত হৈ এই মন্তব্য কৰে। যোৱা ৪ জুলাইত চিলাপথাৰৰ ডিমৌত সংঘটিত এক উত্তেজনাময় পৰিস্থিতিত এটা বৈদ্যুতিন মাধ্যমৰ এগৰাকী সাংবাদিক মাধুৰ্য শইকীয়া প্ৰহৃত হোৱা আৰু এই অনাকাংক্ষিত ঘটনাৰ লগত মিচিং জাতীয় সংগঠন টি এম পি কে আৰু সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি তিলক দলেক জড়িত কৰাতো এক ৰাজনৈতিক অভিসন্ধিৰে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে। 

সাংবাদিক শইকীয়াই উদ্দেশ্যপ্ৰণোদিত ভাবে সংগঠন আৰু কেন্দ্ৰীয় সভাপতিগৰাকীক জড়িত কৰি সংগঠনৰ ভাৱমূৰ্তি জনমানসত হেয় প্ৰতিপন্ন কৰা বুলি অভিযোগ তুলি সদৰ থানাত এজাহাৰ দাখিল কৰি শইকীয়াক উচিত শাস্তি প্ৰদানৰ দাবী জনায়।  পৰৱৰ্তী সময়ত সংগঠনৰ নেতৃত্বই উক্ত দিনাৰ ডিমৌৰ উত্তেজনাময় ঘটনাৰ একেমুখে গৰিহণা দি সংগঠনটোৱে এনে উশৃংখল পৰিবেশ পৰিস্থিতি সদায় বিৰোধিতা কৰি  আহিছে আৰু যাব বুলি কৈ এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ পাছত চিনাক্তসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।

তাৰোপৰি ৰাজনীতি আৰু নিৰপেক্ষ, পবিত্ৰ সংবাদসেৱাক একাকাৰ কৰি অহা মাধুৰ্য শইকীয়াই এটা জাতীয় সংগঠনক লোকদৃষ্টিত লঘু কৰা কাৰ্য্য সহ্য কৰা নহ’ব বুলি সকীয়াই তৎকালে এইজন ব্যক্তিক আইনগত শাস্তি বিহাৰ দাবী জনায়।

ঢকুৱাখনা টি এম পি কে মিচিং জাতীয় সংগঠন