/asomiyapratidin/media/media_files/2025/07/07/ramu-7-2025-07-07-22-07-25.jpg)
ডিজিটেল সংবাদ গহপুৰঃ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰীত আজি বিয়লি ন-দুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পোহনীয়া হাতী "ৰামু" আহত হয়। উল্লেখ্য যে, বিহালীৰ বিভিন্ন অঞ্চলত খাদ্যৰ সন্ধানত মুকলি বিচৰণ কৰি আছে বন্যহস্তীয়ে। আজি বিয়লি জামুগুৰিৰ বামুণী পথাৰত উপদ্ৰপ চলাই থকা বন্যহস্তীক খেদাবলৈ গৈছিল 'ৰামু'।
বামুণী পথাৰলৈ যোৱাৰ পথতে বাঘমাৰী চেণ্টাৰৰ দৈনিক বজাৰৰ সমীপত পশ্চিম দিশে গৈ থকা এ এছ ১২ এ চি ৭৪৯০ নম্বৰৰ বলেৰ' পিক আপ ভানখনে পাছফালৰ পৰা খুন্দিয়াই বগৰাই দিয়ে। আহত "ৰামু"ক পশু চিকিৎসকৰ দলে চিকিৎসাৰ ব্যৱস্থা কৰি সুস্থ কৰি তোলে যদিও সম্প্ৰতি খোজ কাঢ়িবলৈ কষ্ট হোৱা মখনা হাতীটোক জিৰণি ল’বলৈ পৰামৰ্শ দিয়ে।
ইফালে জিনজিয়া আৰক্ষীয়ে দুৰ্ঘটনা কৰা বলেৰ' ভানখন জব্দ কৰাৰ লগতে গাড়ীৰ চালকক আটক কৰিছে। বিধায়ক পদ্ম হাজৰিকা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
উল্লেখযোগ্য যে বাঘমাৰী চেণ্টাৰৰ দৈনিক বজাৰখন ১৫ নং চাৰি শৰণীয়া ৰাষ্ট্ৰীয় ঘাই পথৰ নিচেই কাষতে থকাৰ লগতে পথচোৱাত ছাৰ্ভিচ ৰোড নথকাৰ বাবে এনে দুৰ্ঘটনা সঘনাই সংঘটিত হৈ আহিছে। চেণ্টাৰটোত ছাৰ্ভিচ ৰোডৰ কোনো ব্যৱস্থা নথকাৰ বাবে ইতিপূৰ্বে অঞ্চলটোত কেইবাজনো লোকে অকাল মৃত্যুক সাৱটি লৈছে।
স্থানীয় ৰাইজে বাঘমাৰী চেণ্টাৰত ডাইভাৰছন আৰু ছাৰ্ভিচ ৰোড নিৰ্মাণ কৰিবলৈ জিলা প্ৰশাসন আৰু পথ নিৰ্মাণকাৰী সংস্থাক দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে। অঞ্চলবাসী ৰাইজে বাঘমাৰী চেণ্টাৰত অনতিপলমে ডাইভাৰছন তথা ছাৰ্ভিচ ৰোড নিৰ্মাণ কৰি সাধাৰণ পথচাৰীৰ বাবে যাতায়তৰ সুচল কৰি তুলিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে ।