/asomiyapratidin/media/media_files/2025/07/07/barak-7-2025-07-07-22-34-17.jpg)
ডিজিটেল সংবাদ শিলচৰ: বৰাক নৈৰ জল পথত এইবাৰ অসম আৰক্ষীৰ অত্যাধুনিক ইঞ্জিন চালিত মটৰ বোট। নদী পথেৰে সৰবৰাহ কৰা নিষিদ্ধ চোৰাং সামগ্ৰী, দুষ্কৃতিকাৰী আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান চলাবলৈ সম্প্ৰতি কাছাৰ আৰক্ষীক দিয়া হৈছে এখন অত্যাধুনিক ইঞ্জিন চালিত মটৰ বোট।
শিলচৰ নদী থানাক অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ পৰা যোগান ধৰা হৈছে এই মটৰ বোটখন। সোমবাৰে NDRF ,SDRF আৰু আৰক্ষীক লগত লৈ এই অত্যাধুনিক মটৰ বোটখনেৰে বৰাক নদীত পৰীক্ষামূলক ভাবে এক অভিযান চলাই কাছাৰ আৰক্ষীয়ে। আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই দল-বল লৈ শিলচৰৰ সদৰঘাটৰ পৰা লক্ষীপুৰ লৈ বৰাক নৈৰ জল পথেৰে এই অভিযান চলায়।
প্ৰায় ৩০ কিলোমিটাৰ নদী পথ মাত্ৰ এঘন্টাৰ ভিতৰতে উপস্থিত হয় অভিযানকাৰী দলটো। লক্ষীপুৰৰ পৰা পুনৰ মটৰ বোটখনেৰে শিলচৰলৈ উভতি আহি আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই কয় যে, এই ইঞ্জিন চালিত অত্যাধুনিক মটৰ বোটখনৰ জৰিয়তে যিকোনো পৰিস্থিতিত নদী পথত নিৰীক্ষণ কৰিবলৈ যথেষ্ট সুবিধা হ'ব।
তদুপৰি,দুৰ্গাপূজাৰ বিসৰ্জনৰ সময়ত আৰু কোনো লোকে বৰাক নদীত জাঁপ দিলে তেনে লোকক তাৎক্ষণিক ভাবে উদ্ধাৰ অভিযানতো এই মটৰবোটখন ব্যৱহাৰ কৰিব পৰা যাব। এক কথাত ক'বলৈ গলে কাছাৰৰ ৰাইজৰ সেৱাৰ বাবে বিশেষ ভূমিকা ল'ব এই অত্যাধুনিক মটৰবোট খনে।