বিধ্বস্ত চাহ উদ্যোগঃ দুবছৰতে লোকচান ১৬০০ কোটি, অনিশ্চয়তাত ৭ লক্ষাধিক কৰ্মচাৰীৰ ভৱিষ্যৎ…

বিধ্বস্ত চাহ উদ্যোগঃ দুবছৰতে লোকচান ১৬০০ কোটি, অনিশ্চয়তাত ৭ লক্ষাধিক কৰ্মচাৰীৰ ভৱিষ্যৎ…

author-image
asomiyapratidin
New Update
বিধ্বস্ত চাহ উদ্যোগঃ দুবছৰতে লোকচান ১৬০০ কোটি, অনিশ্চয়তাত ৭ লক্ষাধিক কৰ্মচাৰীৰ ভৱিষ্যৎ…

বিধ্বস্তপ্ৰায় বিশ্ব বিখ্যাত অসমৰ চাহ খেতি আৰু উদ্যোগ। ২০১৮ চনৰ পৰা প্ৰতি বছৰে কেইবা শ কোটি টকাৰ আয় হ্ৰাস। ইয়াৰ বিপৰীতে ব্যয় বৃদ্ধি। কোভিড পৰিস্থিতিত প্ৰতি বছৰে ১০ হাজাৰ কোটি উপাৰ্জন কৰা ক্ষেত্ৰখনে চলিত বৰ্ষত মাত্ৰ উপাৰ্জন কৰিছে ৮০০ কোটি। ৭ লাখ শ্ৰমিক-কৰ্মচাৰী আৰু ক্ষুদ্ৰ উদ্যোগে নিয়োগ ক্ষেত্ৰখনৰ বিপৰ্যয় ৰোধ কৰাৰ বাবে নাই কোনো পৰিকল্পনা। বছৰি ৪২ কোটি টকা খৰচ কৰা কলকাতাৰ চাহ ব'ৰ্ডৰ কাৰ্যালয় ভালুকৰ সাঙীত পৰিণত। উদাসহীন ৰাজ্য চৰকাৰ। ৩০ শতাংশ বাগিচাই দিব পৰা নাই কৰ্মচাৰীৰ বীমাৰ ধন। পচি যোৱাৰ আশংকাত পেলাই দিব লগা হৈছে প্ৰায় ১০০ নিযুত শুকান চাহপাত। কাগজ উদ্যোগৰ দৰেই নিঃশেষ হ'ব নেকি চাহ উদ্যোগ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক প্ৰতিবেদন।

Advertisment

অসমৰ অৰ্থনীতি আৰু নিয়োগ ক্ষেত্ৰত সৰ্বাধিক বৰঙণি আগবঢ়োৱা ৰাজ্যৰ চাহ উদ্যোগৰ বাবে আহিছে ভয়াৱহ সংকট। এই সংকট কেৱল সাম্প্ৰতিক সময়ৰ কোভিড মহামাৰী সংক্ৰমণৰ বাবে লোৱা পদক্ষেপৰ বাবেই নহয়, বিশ্বজুৰি ক্ৰমহ্ৰাসমান চাহ পাতৰ চাহিদা আৰু অসমৰ চাহ উৎপাদনৰ ক্ষেত্ৰত হোৱা অত্যাধিক ব্যয়ৰ লগতে দাক্ষিণাত্য আৰু পূব ভাৰতক সামৰি গঢ় লৈ উঠা এক মধ্যভোগী চক্ৰৰ কুটীল চক্ৰান্তত শতিকা গৰকা বিশ্বতৰ সৰ্বোত্তম শ্ৰেষ্ঠ চাহ ৰূপে পৰিগণিত অসমৰ চাহপাতৰ বজাৰখন ক্ৰমান্বয়ে বৰ্ধিত হাৰৰ লোকচানৰ সন্মুখীন হৈছে। ২০১৮ চনৰ পৰাই ক্ৰমান্বয়ে উৎপাদন হ্ৰাস হ'বলৈ ধৰা অসমৰ চাহ উদ্যোগে যোৱা এটা বছৰতে ১২০০ কোটিৰো অধিক টকাৰ লোকচান ভৰিব লগা হৈছে। কেৱল লোকচান ভৰাই নহয়, কোভিড পৰিস্থিতিৰ বাবে বিশ্বৰ সৰ্ববৃহৎ বিপনন ক্ষেত্ৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰকে ধৰি ৰপ্তানি বাণিজ্যতো বাৰুকৈ ইয়াৰ প্ৰভাৱ পৰিছে। ফলত ৰাজ্যখনৰ প্ৰায় ৮০০ বৃহৎ বাগিচাৰ লগতে ১০০ বিঘাৰো ওপৰৰ খেতি থকা ৫ সহস্ৰাধিক ক্ষুদ্ৰ আৰু মজলীয়া চাহ বাগিচাৰ ভৱিষ্যতলৈ বিপৰ্যয় নামি আহিছে।

উল্লেখ কৰাৰ প্ৰয়োজন যে , সমগ্ৰ দেশৰ চাহ বাগিচাত সংস্থাপিত ১১ লাখ চাহ কৰ্মচাৰী আৰু শ্ৰমিকৰ ভিতৰত প্ৰায় ৭ লাখ শ্ৰমিক-কৰ্মচাৰীয়েই অসমৰ চাহ বাগিচাত নিয়োজিত। ইফালে, বিশ্বৰ আন প্ৰান্তৰ লগতে ভাৰতবৰ্ষতো দাৰ্জিলিঙকে ধৰি দক্ষিণ ভাৰতৰ চাহ কোম্পানীসমূহে বাগিচাসমূহত কৰ্মচাৰী নিয়োগৰ হাৰ কমাই আনি যান্ত্ৰিক ব্যৱস্থাৰ প্ৰয়োগ বৃদ্ধি কৰাৰ ফলত উৎপাদন ব্যয় হ্ৰাস পোৱাৰ বিপৰীতে অসমত দিনে দিনে শ্ৰমিক-কৰ্মচাৰীৰ বৰ্ধিত নিয়োগৰ বাবে উৎপাদন ব্যয় বৃদ্ধি পাইছে। এই ক্ষেত্ৰত সবাতোকৈ ক্ষতিগ্ৰস্ত হৈছে মজলীয়া আৰু ক্ষুদ্ৰ চাহ বাগিচাসমূহ। এই বাগিচাসমূহক উৎসাহিত কৰাৰ বাবে চৰকাৰৰ নাই কোনো বিশেষ আঁচনি।

ইয়াৰ বিপৰীতে শ্ৰমিক-কৰ্মচাৰীৰ মজুৰি বৃদ্ধিৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে পালন নকৰিলেও দিনমজুৰিৰ সামান্য অংশ বৃদ্ধি কৰাৰ প্ৰভাৱো পৰিছে পোনপটীয়াভাৱে কম পুঁজিৰে চলা মালিক পক্ষৰ ওপৰত। ইফালে, যিবোৰ পশ্চিমীয়া দেশৰ মালিকানাধীন অথবা অংশীদাৰিত্ব থকা বৃহৎ চাহ বাগিচা অসমত আছিল সেই সমূহত বিনিয়োগ বন্ধ কৰি বৃহৎ সংখ্যক কোম্পানীয়ে তেওঁলোকৰ বিনিয়োগ তথা অংশীদাৰিত্ব প্ৰত্যাহাৰ কৰি এয়া দক্ষিণ আফ্ৰিকাৰ দৰে বিভিন্ন দেশত নতুনকৈ গঢ় লোৱা চাহ বাগিচাত বিনিয়োগ কৰিছে।

ৰাজ্যখনৰ মুঠ ১১ লাখ ৬২ হাজাৰ হেক্টৰ চৰকাৰ আৱন্টিত মাটি আৰু ইয়াৰ এক চতুৰ্থাংশ বেদখলকৃত আৰু নিজা মাটি চাহ খেতি কৰা হয়। ইতিপূৰ্বে কোৱা হৈছে যে ইয়াৰে বৃহৎ এটা অংশত আছে বহুজাতিক কোম্পানীসমূহৰ চাহ বাগিছা। এই চাহ বাগিচাসমূহৰ বিপৰীতে মজলীয়া আৰু ক্ষুদ্ৰ চাহ বাগিচাৰ সংখ্যা অধিক যদিও, ব্যৱহৃত ভূমি আৰু উৎপাদিত চাহ পাতৰ পৰিমান তুলনামূলকভাৱে কম। মজলীয়া আৰু ক্ষুদ্ৰ মিলাই অসমত থকা প্ৰায় ১৫ হাজাৰ চাহ বাগিচাৰ ৮০ শতাংশৰে নিজা কাৰাখানা নাই। সেয়ে তেওঁলোক বৃহৎ চাহ গোষ্ঠীৰ ওপৰত নিৰ্ভৰশীল।

ইয়াৰ ফলত কেঁচা পাতৰ দাম বহুজাতিক বা বৃহৎ চাহ বাগিচাৰ মৰ্জিৰ ওপৰত নিৰ্ভৰশীল যদিও, এই ক্ষেত্ৰত চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক বিনিয়োগ ভূমিচৰ্ত তথা চাহ ফেক্টৰী স্থাপনৰ বাবে বিশেষ কোনো সহায় আজিলৈকে আগবঢ়োৱা নাই। অথচ শ্ৰমিকৰ এটা বৃহৎ বোজা এওঁলোকে বহন কৰিব লগীয়া হয়। দেশত মুঠ উৎপাদিত চাহৰ ৯ শতাংশ চাহৰ বৰঙণি এই বাগিচাসমূহে আগবঢ়ায়। এনে বিসংগতি আৰু বাধা সমূহৰ বাবেই অসমৰ বাণিজ্য তথা কৃষি ক্ষেত্ৰত সবাতোকৈ সম্ভাৱনাপূৰ্ণ এই কৃষি আৰু উদ্যোগ ক্ষেত্ৰখনলৈ ক্ৰমান্বয়ে বিপৰ্যয় নামি আহিছে।

ইয়াৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ হ'ল যদিও যোৰহাটৰ টোকোলাইত চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হ'ল কিন্তু সুদীৰ্ঘ কালজুৰি অসমৰ চাহ খেতিয়কসকলে জনাই অহা দাবীৰ পাছতো চাহ ব'ৰ্ডৰ মুখ্য কাৰ্যালয় কলকাতাৰ পৰা স্থানান্তৰ কৰা নহ'ল। প্ৰায় ৬০৮ গৰাকী বিষয়া কৰ্মচাৰীৰে কলকাতাত কাৰ্যালয় চলাই থকা চাহ ব'ৰ্ডৰ এই সকল বিষয়া-কৰ্মচাৰীৰ দৰমহাৰ নামতে বছৰী ৪২ কোটি টকা ব্যয় কৰা হয় যদিও অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ বাবে কোনো পদক্ষেপ চাহ ব'ৰ্ডে গ্ৰহণ নকৰাৰ অভিযোগ বহুদিনীয়া।

বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত অসমৰ চাহৰ চাহিদা কৌশলপূৰ্ণভাৱে হ্ৰাস কৰোৱাৰ ফলত যোৱা কেইটামান বছৰত ক্ৰমান্বয়ে অসমৰ চাহ উদ্যোগৰ উপাৰ্জনৰ পৰিমান ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। একেদৰে হ্ৰাস পাইছে উৎপাদনো। ইফালে, চাহৰ দাম বৃদ্ধিৰ হাৰ বিশ্বৰ ভিতৰতে সুস্বাদু অসমৰ চাহৰ ক্ষেত্ৰত লক্ষণীয়ভাৱে অতি কম পৰিমানৰ হৈ আছে। উল্লেখযোগ্য যে, ২০১৮ চনত অসমৰ চাহ বাগিচাই মুঠ চাহ উৎপাদন কৰিছিল ৬৯১.৯১ নিযুত মেট্ৰিকট'ন। সেই বছৰ চাহৰ নিলামত দৰ নিৰ্ধাৰিত হৈছিল ১৫২ টকাকৈ। ফলত বছৰটোত মুঠ উপাৰ্জনৰ পৰিমান আছিল ১০৫১৭ কোটি টকা।

২০১৯ বৰ্ষত এই উৎপাদন ৭১৬ নিযুত মেট্ৰিক ট'নলৈ বৃদ্ধি পাই যদিও তুলনামূলকভাৱে দৰ মাত্ৰ ৫ টকাহে বৃদ্ধি পায়। তৎস্বত্তেও সেই বছৰৰ মুঠ উপাৰ্জন আছিল ১১২৪১ কোটি টকা। লক্ষণীয়ভাৱে ২০২০ চনত অসমত চাহৰ উৎপাদন প্ৰায় ১০০ নিযুত মেট্ৰিক ট'ন হ্ৰাস পাই ৬১৮ নিযুত মেট্ৰিক ট'ন হয়গৈ। সেইবাৰ নিলাম দৰ ১৭০ টকা হয় যদিও উপাৰ্জনৰ পৰিমান পূৰ্বৰ বছৰতকৈ প্ৰায় ৭০০ কোটি টকা হ্ৰাস পাই ১০৫০৬ কোটি হয়গৈ। ইয়াৰ পাছতে আহে কোভিডৰ ভয়াৱহতা।

ইয়াৰ পাছতে কোভিডৰ ভয়াৱহতাৰ বাবে সমগ্ৰ ৰাজ্যত চলে ল'কডাউন আৰু সান্ধ্য আইন। যাৰ অকল্পনীয় প্ৰভাৱ পৰে চাহ বাগিচা আৰু উৎপাদনত। চলিত বৰ্ষতো মে' মাহ পৰ্যন্ত ৪৪.০৬ মেট্ৰিক টন চাহ উৎপাদন কৰা অসমৰ চাহ বাগিচাৰ চাহ নিলামৰ ক্ষেত্ৰত আকৌ বিশ্ব বাণিজ্যত পৰিস্থিতিগত কাৰণতেই চাহিদা হ্ৰাস পোৱাৰ বাবে বিগত বৰ্ষতকৈ চাহৰ মূল্যও হ্ৰাস পায়। এই বছৰ চাহৰ নিলাম মূল্য ধাৰ্য হয় ২১৩ টকা। অৱশ্যে বিগত বৰ্ষতকৈ উৎপাদনৰ পৰিমান কিছু বেছি থকা বাবে মুঠ উপাৰ্জন হয় ৯৩৮ কোটি টকা। এই তালিকাখনে এটা কথা স্পষ্ট কৰি দিছে যে ১০০ বছৰ চাহ খেতিৰে ব্ৰিটিছ তথা বহুজাতিক চাহ কোম্পানীসমূহে হাজাৰ হাজাৰ কোটি টকাৰ লাভেৰে দপদপাই থকা অসমৰ চাহ উদ্যোগ তথা কৃষি ক্ষেত্ৰখনত বিগত কেই বছৰ মানত ধাৰাবাহিকভাৱে অকল্পনীয় হাৰত উৎপাদন আৰু উপাৰ্জনৰ পৰিমান হ্ৰাস পাইছে। বৰ্তমানৰ বছৰত মুঠ উৎপাদন কিমান হ'বগৈ সেয়া আগষ্ট মাহৰ শেষতহে নিশ্চিত হ'ব যদিও পৰিস্থিতিয়ে ইয়াক ক'লৈ লৈ যায় সেয়া সময়তহে ক'ব পৰা যাব।

ইফালে, দেশৰ অৰ্থনীতিলৈ বহু হাজাৰ কোটি টকীয়া বৰঙণি আগবঢ়োৱা চাহ উদ্যোগৰ উপাৰ্জনৰ পৰিমান ২০১৮, ২০১৯ আৰু ২০২০ চনত প্ৰতি বছৰে ১০ হাজাৰ কোটিৰ ওপৰত থাকিলেও এয়া যে ২০১৮ চনৰ পৰাই কমি আহি শেহতীয়াকৈ এয়া শ কোটিৰ ঘৰলৈ অৱনমিত হৈছে সেয়া অতি স্পষ্ট। কিন্তু এনে পৰিস্থিতিক লৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ উপৰি বিশেষভাৱে দায়বদ্ধ চাহ ব'ৰ্ডে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা বোধ কৰা নাই। ইয়াৰ বিপৰীতে পিছে ব্যক্তিগত বহুজাতিক কোম্পানীৰ একাংশই নিজাববীয়াকৈ বিকল্প বাণিজ্য আৰু কৃষি মাধ্যমত অসমৰ মাটিকে ব্যৱহাৰ কৰি অত্যাধিক উপাৰ্জনৰ পথৰে অগ্ৰসৰ হৈছে।

ইয়াৰ কুফলো অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া চাহ খেতিয়কসকলৰ ওপৰতে পৰিব। অহা সময়চোৱাত বিকল্প ব্যৱস্থাৰে চাহ শ্ৰমিক আৰু কৰ্মচাৰীক সংস্থাপিত কৰিব নোৱাৰিলে মুঠ ৭ লাখ কৰ্মচাৰীৰ অধিকাংশৰে বোজা কম উপাৰ্জনক্ষম মজলীয়া আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰতে পৰিব। যিটো এওঁলোকে কোনো কাৰণত চম্ভালিব নোৱাৰাৰ ফলত ৰাজ্যখনত বৃহৎ সংখ্যক চাহ শ্ৰমিক-কৰ্মচাৰীৰ নিয়োগ তথা মজুৰিক লৈ ভয়াৱহ এক পৰিস্থিতিৰ সৃষ্টি হ'ব। চৰকাৰ আন এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ এতিয়াও উদাসহীন হৈ আছে। সেয়া হ'ল ৰাজ্যখনৰ ৭৬৫খন বাগিচা ( বৃহৎ আৰু মজলীয়া)ৰ ৩০ শতাংশই জমা দিয়া নাই কৰ্মচাৰীৰ বীমাৰ ধন। কেইবা বছৰ ধৰি অনাদায় হৈ থকা কৰ্মচাৰীৰ বীমাক লৈও চৰকাৰৰ বাবে আহি আছে আন এক প্ৰত্যাহ্বান।