শাপগ্ৰস্ত দক্ষিণ আফ্ৰিকা ! টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত যুঁজত যুঁজিবলৈ আহি অসহায় আত্মসমৰ্পণ...

২২ গজৰ শেষ ৰণত নাৰ্ভাছ হোৱাৰ অঘোষিত নিয়ম পাহৰিবই পৰা নাই দক্ষিণ আফ্ৰিকাই। ক্ৰিকেট ফিল্ডত সৰ্ব শক্তিমান হ’ব পৰাকৈ প্ৰতিভাৰ ভৰপূৰ হৈ থাকে যদিও সেই প্ৰতিভাও হৈ পৰে ম্লান।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
শাপগ্ৰস্ত দক্ষিণ আফ্ৰিকা ! টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত যুঁজত যুঁজিবলৈ আহি অসহায় আত্মসমৰ্পণ...

ডিজিটেল ডেস্কঃ আকৌ নাৰ্ভাছ দক্ষিণ আফ্ৰিকা! ২২ গজৰ শেষ ৰণত নাৰ্ভাছ হোৱাৰ অঘোষিত নিয়ম পাহৰিবই পৰা নাই দক্ষিণ আফ্ৰিকাই। ক্ৰিকেট ফিল্ডত সৰ্ব শক্তিমান হব পৰাকৈ প্ৰতিভাৰে ভৰপূৰ হৈ থাকে যদিও সেই প্ৰতিভা সময়ত হৈ পৰে ম্লান। যেন শাপগ্ৰস্ত এই দলটো।

Advertisment

লি আছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। আজি প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ কৰে যোৱা বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক। লৰ্ডছত খেলা এই মেচখনত প্ৰথম ইনিংছতে বিপদত পৰে পেট কামিংছ বাহিনী।

কাগিছ ৰাবাদাই খেল পথাৰত যি তাণ্ডৱ চলালে সেই তাণ্ডৱত একপ্ৰকাৰে দিশহাৰা কেংগাৰুবাহিনী। কেৰিয়াৰৰ প্ৰথমখন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ৰাবাদা হৈ পৰিলে অদম্য। নিজৰ দখললৈ নিলে ৫ টাকৈ উইকেট।

 অষ্ট্ৰেলিয়াৰ অপেনাৰ উছমান খাৱাজাক পেভিলিয়নলৈ ঘূৰাই পঠিয়ালে শূন্য ৰাণত। তেওঁ এটাও ৰাণ নকৰাকৈ খেলিলে ২০ টা বল। বেটিং ক্ৰমৰ তিনি নং স্থানত বেট ধৰিবলৈ অহা কেমৰন গ্ৰীণো আউট হল ৪ ৰাণত। তেৱোঁ চিকাৰ হল ৰাবাদাৰ।

 অষ্ট্ৰেলিয়াৰ ইনিংছ আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ইনিংছ খেলিলে ৱেবষ্টাৰে। ৯২ টা বলত তেওঁৰ বেটৰ পৰা আহিল ৭২ ৰাণ। অষ্ট্ৰেলিয়াৰ দলীয় স্কৰ আগুৱাই নিয়াৰ তেওঁৰ এই প্ৰচেষ্টাক বাধা দিলে সেই একেজন ৰাবাদাই।

 ৰক্ষা নপৰিল অধিনায়ক পেট কামিংছো। ৬ বলত মাত্ৰ ১ ৰাণ কৰিয়েই বিমৰ্ষ মনেৰে উভতিল পেভিলিয়নলৈ। মিচেল ষ্টাৰ্কে ১ ৰাণৰ অৱদান আগবঢ়াই ৰাবাদাৰ হাততেই আত্মসমৰ্পণ কৰিলে। প্ৰথম ইনিংছতেই ৫ টা উইকেট নিজৰ কৰিলে বেগী বলাৰজনে।

 তেওঁক যোগ্য সহযোগিতা আগবঢ়ালে মাৰ্কো জেনছেনে। তেওঁৰ চিকাৰ হল মাৰ্নাছ লাবুশ্বেন, ট্ৰেভিছ হেড আৰু নাথন লিয়ন। মাৰ্নাছ লাবুশ্বেনে ৫৬ বলত ১৭ ৰাণ, ট্ৰেভিছ হেডে ১৩ বলত ১১ ৰাণ আৰু নাথন লিয়নে৪ বলত এটাও ৰাণ নকৰাকৈ মাৰ্কো জেনছেনৰ হাতত তুলি দিয়ে উইকেট।

 ফলশ্ৰুতিত প্ৰথম দিনটোতে আটাইকেইটা উইকেট হেৰুৱাই ২১২ ৰাণতে অন্ত পৰে প্ৰথম ইনিংছ। প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰা দক্ষিণ আফ্ৰিকাৰ এনে প্ৰদৰ্শনে তেওঁলকৰ অনুৰাগীসকলক উৎকণ্ঠিত কৰিলেও অৱশ্যে সেই উৎকণ্ঠা বৰ বেছি সময়লৈ নাথাকিল।

 হাতত বেট লৈ ক্ৰিজলৈ নামি অহাৰ পিছতেই প্ৰটিয়াছ বাহিনীৰ অষ্ট্ৰেলিয়াৰ হাতত এজনৰ পিছত এজনকৈ টপ অৰ্ডাৰৰ আটাইকেইজন বটছমেনেই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। প্ৰতিজন ৰথি-মহাৰথিয়েই যেন শাপগ্ৰস্ত।

 হাতত বেট লৈ ক্ৰিজলৈ নামি ইনিংছ মুকলি কৰা এইডেন মাৰক্ৰাম তিস্তিয়েই থাকিব নোৱাৰিলে ক্ৰিজত। মিচেল ষ্টাৰ্কৰ হাতত নিজৰ উইকেট তুলি দি এটাও ৰাণ নকৰাকৈ উভতি যায় পেভিলয়নত বহি থকা সতীৰ্থৰ কাষলৈ।

 একেই অৱস্থা আন এগৰাকী অপেনাৰ ৰিয়ান ৰিকেলটনৰো। ২৩ বলত তেওঁ কৰে মাত্ৰ ১৬ ৰাণ। তেওঁকো অহাৰ বাটেৰেই ঘূৰাই পঠিয়াই অষ্ট্ৰেলিয়াৰ অমোঘ অস্ত্ৰ স্বৰূপ মিচেল ষ্টাৰ্কে।

 দলটোৰ বহু আশা নিৰ্ভৰ কৰিছিল তিনি নং স্থানত বেটিং কৰিবলৈ অহা মালডেৰৰ ওপৰতেই। ৪৪ টা বলৰ সন্মুখীন হৈ তেওঁ সকলোকে আশাহত কৰি ঘূৰি যায় খেল পথাৰৰ পৰা। তেওঁক ঘূৰি যাবলৈ বাধ্য কৰে পেট কামিংছে। দললৈ তেওঁৰ অৱদান মাত্ৰ ৬ ৰাণ।

 অহাৰ দৰেই উভতি যোৱা সতীৰ্থকেই অনুসৰণ কৰিলে ট্ৰিষ্টান ষ্টাবছে। ১৩ বল খেলি ২ ৰাণত হেজেলহুডৰ সন্মুখত হাৰ মানিলে তেওঁ। এইদৰেই ৪৩ ৰাণতে ৪ উইকেট হেৰুৱাই পুনৰ এবাৰ আই চি চিৰ মেগা ইভেণ্টত নাৰ্ভাছ হোৱাৰ অঘোষিত নিয়মকেই যেন অনুসৰণ কৰিছে দলটোৱে।

 এনে বিপৰ্যয়ৰ সময়ত দলৰ ইনিংছ আগবঢ়াই নিয়াৰ গধূৰ দায়িত্ব কান্ধ পাতি লৈছে অধিনায়ক টেম্বা বভোমাই। তেওঁক সহযোগিতা কৰিবলৈ কাষত থিয় দি আছে ডেভিড বেডিংঘাম। কিন্তু কিমান সময়লৈ?

 দিনান্তত টেম্বা আৰু ডেভিডৰ ব্যক্তিগত স্ৰ ক্ৰমে ৩৭ বলত ৩ আৰু ৯ বলত ৮ ৰাণ। প্ৰশ্ন হয় টেম্বা আৰু ডেভিডে পাৰিবনে দলটোক এই বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰিবলৈ?  পাৰিবনে মিডল অৰ্ডাৰ আৰু তলৰ বেটছমেসকলে বিশ্ব চেম্পিয়ন হোৱাৰ সপোনক সাকাৰ কৰিবলৈ?

 এই প্ৰশ্নৰ উত্তৰো আহিব। অপেক্ষা কৰিব লাগিব দ্বিতীয়টো দিনলৈ। অৱশ্যে দ্বিতীয়টো দিনৰ ফলাফলেই সকলো নহয়। প্ৰতিজন ব্যৰ্থ যুঁজাৰুৱেই পাব দ্বিতীয় সুযোগ। কাৰণ এয়া যে টেষ্ট ক্ৰিকেট।

 

অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ক্ৰিকেট