ক্ষুদ্ৰ পলহাত পথ দুৰ্ঘটনাঃ দ্বাদশ শ্ৰেণীৰ ছাত্ৰই হেৰুৱালে প্ৰাণ, এজন চিকিৎসাধীন...

ক্ষুদ্ৰপলহাত আজি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এজন কলেজীয়া ছাত্ৰৰ মৃত্যু হৈছে আৰু এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। 

author-image
Asomiya Pratidin
New Update
ক্ষুদ্ৰ পলহাত পথ দুৰ্ঘটনাঃ দ্বাদশ শ্ৰেণীৰ ছাত্ৰই হেৰুৱালে প্ৰাণ, এজন চিকিৎসাধীন...

ডিজিটেল সংবাদ দুমুনিচকীঃ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰপলহাত আজি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত উক্ত পথ দুৰ্ঘটনাত এজন কলেজীয়া ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে ছাত্ৰ জনৰ এজন সহপাঠীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। 

Advertisment

বিষয় সন্দৰ্ভত জানিব পৰা মতে আজি নিশা প্ৰায় ৭ বজাত দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত দুমুনিচকী নিবাসী ৰিবৰাজ হুছেইন ওৰফে বিতু আলী(২২) আৰু কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰা নিবাসী সুদিপ্ত ডেকাই (১৮) AS-25-Z-2805 নম্বৰৰ এফ জেড বাইকেৰে বেজেৰা অভিমুখে আহি আছিল। 

তেনে সময়তে তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS-25-FC-4538 নম্বৰৰ এখন কন্টেইনাৰ ট্ৰাকৰ পিছৰ চকাত বাইকখনে তীব্ৰ বেগত খুন্দা মাৰে। ফলত বাইক চালক ৰিবৰাজ হুছেইন আৰু বাইক আৰোহী সুদিপ্ত ডেকা ক্ষুদ্ৰপলহাত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত উফৰি পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। 

দুৰ্ঘটনা সম্পৰ্কে বাইহাটা চাৰিআলি আৰক্ষী অৱগত হোৱাত স্থানীয় প্ৰত্যক্ষদৰ্শী লোকৰ সহযোগত দুয়োজনক বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায় যদিও ৰিবৰাজ ওৰফে বিতু আলীৰ আধাবাটতে মৃত্যু হয়। আনহাতে আঘাতপ্ৰাপ্ত সুদিপ্ত ডেকাক উন্নত চিকিৎসাৰ বাবে চাংসাৰিস্থিত এইমচলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে দুয়োজন বাইহাটা চাৰিআলিৰ ৰামানুজন অকাডেমিৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ আছিল। আজি বিয়লি টিউচনলৈ গৈ উভতাৰ পথত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। 

বাইহাটা চাৰিআলি আৰক্ষীয়ে দুৰ্ঘটনাত পতিত বাইকখন উদ্ধাৰ কৰাৰ লগতে কন্টেইনাৰ ট্ৰাকখন জব্দ কৰে।

বাইহাটা চাৰিআলি পথ দুৰ্ঘটনা