অসম বিধানসভাত সোমাল পাকিস্তানী এজেন্ট!

এই প্ৰৱেশ পত্ৰত লিখা আছিল- "শ্ৰী গৌৰৱ গগৈ, লোকসভাৰ সাংসদ গৰাকীক অসম বিধানসভাৰ অধ্যক্ষৰ বীথিকাত ইংৰাজীৰ ৯.৬.২০২৫ তাৰিখৰ বাবে প্ৰৱেশৰ অনুমতি দিয়া হ'ল"...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
২২

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল ৯ জুন ২০২৫ ত। সেইদিনা অসম বিধানসভাৰ ভিতৰত উপস্থিত আছিল এজন পাকিস্তানী এজেন্ট ! কৈনৈকৈ সেই পাকিস্তানী এজেন্ট সোমাল অসম বিধানসভাৰ ভিতৰত? কোনে দিলে তেওঁক প্ৰৱেশৰ অনুমতি? তেওঁৰ বিৰুদ্ধে তদন্ত চলি থকাৰ পাছতো খেনেকৈ সম্ভৱ হ'ল এয়া? নে মুখ্যমন্ত্ৰীয়ে পাকিস্তানী এজেন্ট সজোৱা এই ৰাজনীতিবিদক বিধানসভাৰ অধ্যক্ষই দিলে মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰা বিপৰীতে ক্লিনশ্বিট? মৃদুল কুমাৰ সন্দিকৈৰ বিশেষ প্ৰতিবেদন...

Advertisment

সময় তেতিয়া চাৰে এঘাৰ বাজিছে। দিনটো আছিল ৯ জুন ২০২৫। কংগ্ৰেছ বিধায়ক সকল তেওঁক লৈ উৎসাহিত হৈ পৰিছিল। পুৰণি বিধানসভা ভৱনৰ প্ৰৱেশদ্বাৰত তেওঁ উপস্থিত হোৱা লগে লগে উৎসাহমুখৰ পৰিৱেশে বিৰাজ কৰিছিল সেই স্থানত।

কংগ্ৰেছৰ কেইবাজনো বিধায়কে তেওঁক গামোচাৰে উষ্ম আদৰণি জনাইছিল। তেওঁৰ সৈতে আছিল কংগ্ৰেছৰ আন এজন নেতা ৰিপুন বৰা। আদৰণি পৰ্বৰ অন্তত তেওঁলোক গৈ বহিছিল গৈ অসম বিধানসভাৰ অধ্যক্ষৰ গেলাৰীত। তাৰ পৰাই তেওঁ বিধানসভাৰ সেই বিশেষ দিনটোৰ কাৰ্যক্ৰমণিকা প্ৰত্যক্ষ কৰিছিল।

বিধানসভাৰ মজিয়াত চলিছিল বিভিন্ন বিষয়ক লৈ শাসক-বিৰোধীৰ বিধায়কৰ মাজত আলোচনা। ভূমি পট্টন, উচ্ছেদ,নাগৰিকত্ব আদি গুৰুত্বপূৰ্ণ বিষয়ক লৈ চলা আলোচনাৰ সাক্ষী হৈছিল তেওঁ। ডিব্ৰুগড় মোহনৱাৰী বিমান বন্দৰটো ড০ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণৰ বাবে বিধানসভাৰ মজিয়াত গ্ৰহণ কৰা হৈছিল সৰ্বসন্মত প্ৰস্তাৱ।

সেই প্ৰস্তাৱ গ্ৰহণৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰৈছিল তেওঁ। মুখ্যমন্ত্ৰীয়ে এই বিশেষ অধিৱেশনতে কৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ কথা। প্ৰথমে তেওঁ অসমীয়া তাৰপাছতে মুখ্যমন্ত্ৰী বুলি মন্তব্য কৰিছিল ড০ হিমন্ত বিশ্ব শৰ্মাক। সেই বিশেষ অধিৱেশনৰ দিনাই বৰদুৱাৰত টাউনশ্বিপ নিৰ্মাণক লৈ সৰৱ হৈছিল বিৰোধী।

অখিল গগৈয়ো মুখ্যমন্ত্ৰীৰ সমালোচনাত সৰৱ হৈছিল। মুখ্যমন্ত্ৰীয়ে হিন্দু-মুছলমান কৰি থাকিলে নহ'ৱ বুলি কৈ অখিল গগৈয়ে কৈছিল আমি আজি ভূপেন হাজৰিকাৰ কথা পাতিবলৈহে ইয়ালৈ আহিছো। এই সকলোবোৰ ঘটনা প্ৰৱাহৰ সাক্ষী হৈছিল তেওঁ।

বিধানসভাৰ এই বিশেষ দিনটোৰ কাৰ্যক্ৰমণিকাৰ বিৰতিত তেওঁ ওলাই আহিছিল বিধানসভাৰ পৰা। কংগ্ৰেছৰ দলীয় বিধায়ক সকলৰ সৈতে তেওঁ গৈছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কাৰ্যালয়লৈ। তেওঁৰ সৈতে আছিল কংগ্ৰেছৰ কেইবাগৰাকীও নেতা আৰু বিধায়ক।

তেওঁৰ আগমণত সৌহাদ্যপূৰ্ণ এক পৰিৱেশ বিৰাজ কৰিছিল অধ্যক্ষ দৈমাৰীৰ কাৰ্যালয়ৰ ভিতৰত। ৰাজনৈতিক শত্ৰুতা পাহৰি সকলোৱে একাপ চাহ খাইছিল। কিন্তু এইদৰে অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা চাবলৈ যোৱা মানুহজন হেনো পাকিস্তানী এজেন্ট আছিল।

সেই অভিযোগ বা কথা কোনো সাধাৰণ লোকৰ নাছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এই কথা কৈ আহিছে। ১০ ছেপ্তেম্বৰ ২০২৫ ত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগৰ প্ৰমাণ দিম বুলিও ঘোষণা কৰি থৈছে।

তেওঁ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে গঠন হৈছে বিশেষ তদন্তকাৰী গোট। চলি আছে তদন্ত। তাৰ মাজতে সেই অভিযুক্ত ৰাজনীতিবিদৰ প্ৰৱেশ অসম বিধানসভাৰ মজিয়াত। পাকিস্তানৰ সৈতে সংযোগ থকা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ তোলা এই নেতা জনক ৰক্ষণাবেক্ষণ দিবলৈ এদিন সংবাদমেল পাতিছিল ৰিপুন বৰাই।

এটা আন্তঃৰাষ্ট্ৰীয় এনজিঅ'ত কাম কৰা সূত্ৰে তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল বুলি কওঁতেই ৰিপুন বৰাই পাইছিল পুলিচৰ চমন। ৪ ঘন্টা ধৰি তেওঁক চলাইছিল জেৰা। অসম আৰক্ষীৰ এয়াই তৎপৰতা। জেৰাত ৰিপুন বৰাই কি কৈছিল এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত বিস্তাৰিতভাৱে ক'বলৈও কুণ্ঠাবোধ কৰা নাছিল।

পাকিস্তান তথা আই এছ আইৰ এজেন্ট বুলি মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰা সেইজন ৰাজনৈতিক নেতা কিন্তু বিধানসভালৈ যোৱাত বাধা নিদিলে আৰক্ষীয়ে। আগ দিনাৰ পৰাই অসমৰ সংবাদ মাধ্যমত খবৰ হৈছিল, পিছদিনা অৰ্থাত ৯ জুন ২০২৫ ত বিধানসভাৰ বিশেষ অধিৱেশনৰ কাৰ্যক্ৰমণিকা চাবলৈ আহিব তেওঁ।

কংগ্ৰেছৰে এজন নেতাই তেওঁৰ বাবে যোগাৰ কৰিছিল বিধানসভাৰ প্ৰৱেশৰ অনুমতি পত্ৰ। সেই নেতাজনে বিধানসভাৰ অধ্যক্ষক জনাইছিল তেওঁৰ বাবে এখন প্ৰৱেশ পত্ৰৰ প্ৰয়োজনৰ কথা। অধ্যক্ষই লগে লগে সন্মত হৈছিল সেই প্ৰৱেশ পত্ৰ দিবলৈ।

১১

৮ জুন ২০২৫ ত প্ৰৱেশৰ অনুসতি সাপেক্ষে প্ৰস্তুত কৰা হৈছিল এই প্ৰৱেশ পত্ৰ। য'ত সাক্ষৰ কৰিছিল  অসম বিধান সভাৰ সচিবালয়ৰ সচিবগৰাকীয়ে।  লিখা হৈছিল এই প্ৰৱেশ পত্ৰত- "শ্ৰী গৌৰৱ গগৈ, লোকসভাৰ সাংসদ গৰাকীক অসম বিধানসভাৰ অধ্যক্ষৰ বীথিকাত ইংৰাজীৰ ৯.৬.২০২৫ তাৰিখৰ বাবে প্ৰৱেশৰ অনুমতি দিয়া হ'ল।"

এনেকৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ এজেন্ট আখ্যা দিয়া গৌৰৱ গগৈ খোদ বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ প্ৰৱেশ পত্ৰ লৈ সোমাল অসম বিধানসভাত। মুখ্যমন্ত্ৰীৰ দৃষ্টিৰে এজন পাকিস্তানী এজেন্ট বুলি অভিযুক্ত লোক সোমাল বিধানসভাৰ মজিয়াত।

ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈৰ দৃষ্টিৰে তেওঁৰ এই বিধানসভাৰ যাত্ৰা পাকিস্তান কেন্দ্ৰিক বিতৰ্কৰ মাজত এক নৈতিক বিজয়। কথাতো হয়তো মুখ্যমন্ত্ৰীয়ে তলকিবই নোৱাৰিলে...

অসম বিধানসভা ড০ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ