এডভাণ্টেজ আছাম ২.০: আম্বানী, আদানীৰ পৰা প্ৰধানমন্ত্ৰীলৈ সকলো আহিব গুৱাহাটীলৈ...

২৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০। এডভাণ্টেজ আছাম ২.০ ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজি অসম লোকসেৱা ভৱনত এক সংবাদ মেল সম্বোধন কৰে।

author-image
Tushar Pratim
New Update
এডভাণ্টেজ আছাম ২.০: আম্বানী, আদানীৰ পৰা প্ৰধানমন্ত্ৰীলৈ সকলো আহিব গুৱাহাটীলৈ...

ডিজিটেল ডেস্কঃ অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱা এডভাণ্টেজ আছাম ২.০ ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজি অসম লোকসেৱা ভৱনত এক সংবাদ মেল সম্বোধন কৰে। এই সংবাদ মেলত তেওঁ এডভাণ্টেজ ১ ৰ সফলতা সমূহ দাঙি ধৰাৰ লগতে এডভাণ্টেজ ২.০ ৰ অগ্ৰগতি সম্পৰ্কেও উল্লেখ কৰে।

Advertisment

তেওঁ কয়, কোভিডৰ আগতে এডভাণ্টেজ অসম ১.০ অনুষ্ঠিত কৰিছিলো। এডভাণ্টেজ অসম ১.০ প্ৰথম সাফল্য আছিল নুমলীগড় ৰিফাইনেৰীৰ ক্ষমতা বৃদ্ধি। দ্বিতীয়টো সাফল্য আছিল পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ ক্ৰুড অইলৰ পাইপ লাইন স্থাপন।

তৃতীয়টো সাফল্য আছিল গেছ পাইপ লাইন স্থাপন। তাৰোপৰি সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমলৈ শান্তি ঘূৰি অহাৰ কথা উল্লেখ কৰি প্ৰতি ৩ বছৰৰ মূৰে মূৰে এডভাণ্টেজ আছামৰ দৰে বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰাৰো পোষকতা কৰে।

তেওঁ কয় অসমলৈ যোৱা ৩ বছৰত শান্তি ঘূৰি আহিছে। সেয়ে কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ অধিবেশন অনুষ্ঠিত হ’বলৈ গৈ আছে।

এডভাণ্টেজ আছাম ২.০ ৰ অগ্ৰগতি

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত কয় যে,  আমেৰিকাত আমি ৰোড শ্ব’ কৰাৰ লক্ষ্য আছিল। কিন্তু কিছুমান কাৰণত সেয়া নহ’ল। ৬ জানুৱাৰীত ১১ খন চেম্বাৰ অফ কমাৰ্চৰ বৈঠক অনুষ্ঠিত হৈছিল। ৭ জানুৱাৰীত ৩১ খন দেশৰ এম্বেচাডৰসকলৰ সৈতে বৈঠক হৈছিল।

৪০টা লিডিং গোটৰ উপস্থিতিত ৭ জানুৱাৰীত আৰু এখন মিটিং অনুষ্ঠিত হৈছিল। ভাৰতৰ ভিতৰত এডভাণ্টেজ আছাম ২.০ ক কেন্দ্ৰ কৰি ২০৯খন বৈঠক অনুষ্ঠিত হৈছিল। তেওঁ কয়, জাপান, দক্ষিণ কোৰিয়া, চিংগাপুৰত ৰোড শ্ব’ অনুষ্ঠিত হৈছিল। জাপান সংসদৰ অধ্যক্ষই নিশাৰ আহাৰৰ বাবে আমাক নিমন্ত্ৰণ কৰিছিল। জাপানে অসমৰ সৈতে কাম কৰিব বিচাৰে।

দক্ষিণ কোৰিয়া ভ্ৰমণৰ সন্দৰ্ভত কয়, দক্ষিণ কোৰিয়া ভ্ৰমণৰ সময়ত দেশখনৰ উদ্যোগ মন্ত্ৰীৰ সাক্ষাৎ লাভ কৰিছিলো। ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ সাক্ষাৎ লাভ কৰিছিলো। সাধাৰণতে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে সাক্ষাৎ নিদিয়ে যদিও মই সাক্ষাৎ লাভ কৰিছিলো।

এডভাণ্টেজ আছাম ২.০ ত অসমৰ ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে পৃথক কৈ ব্যৱস্থা কৰা হৈছে। ক্ষুদ্ৰ উদ্যোগী সকলে MOU স্বাক্ষৰ কৰিবলৈ পৃথককৈ ব্যৱস্থা কৰা হৈছে। অসমত এতিয়ালৈ ৭ হাজাৰ উদ্যোগ আৰু বিনিয়োগকাৰীয়ে পঞ্জীয়ন কৰিছে।

প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, পুঁজিপতিয়ে অংশ ল’ব এডভাণ্টেজ আছামত
ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি এডভাণ্টেজ আছম ২.০ ৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া মেগা ঝুমুৰ নৃত্য উপভোগ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২৫ ফেব্ৰুৱাৰী এডভাণ্টেজ আছামৰ কাৰ্যসূচীতো তেওঁ অংশ ল’ব।

এডভাণ্টেজ অসম ২.০ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। তেওঁৰ এই অনুষ্ঠানত বেংকসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব। তাৰোপৰি অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ ক্ষুদ্ৰ উদ্যোগী, লাখপতি বাইদেউসকল।

এডভাণ্টেজ অসম ২.০ ত অংশ গ্ৰহণ কৰিব দেশৰ শীৰ্ষ উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানী, টাটা গ্ৰুপৰ অধ্যক্ষ আদি। তাৰোপৰি থাকিব ৩১খন দেশৰ ৰাষ্ট্ৰদূত তথা সেই দেশৰ প্ৰতিনিধি। তাৰোপৰি এই সন্মিলনত অংশগ্ৰহণ কৰিব ইউ এছ-ইণ্ডিয়া বিজনেচ কাউঞ্চিল, নিউজিলেণ্ড বিজনেচ কাউঞ্চিল, ইউৰোপীয়ান ইউনিয়ন আদি।

জাপানে কৰিব দুখন চুক্তি

সংবাদ মেলত ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, জাপানে অসমৰ পৰা মেনপাৱাৰ ল’ব বিচাৰে। জাপানে অসমৰ সৈতে দুখন চুক্তি কৰিব বিচাৰিছে। ইয়াৰে এখন চুক্তি হ’ব তেওঁলোকৰ প্ৰৱক্তাই অসমৰ যুৱক-যুৱতীক প্ৰশিক্ষণ দিব।

৯ মাহৰ এটা বিশেষ প্ৰশিক্ষণ শিবিৰত যিসকলে প্ৰশিক্ষণ গ্ৰহণ কৰিব তেওঁলোকৰ প্ৰতিজনে অতি কমেও ৫০ হাজাৰ টকা দৰমহা লাভ কৰিব।  প্ৰশিক্ষণ লৈ যদি কোনোৱাই জাপানলৈ যাব নিবিচাৰে তেন্তে ভাৰতত থকা জাপানৰ প্ৰতিষ্ঠানত কাম কৰাৰ সুযোগ পাব। 

 

ড০ হিমন্ত বিশ্ব শৰ্মা এডভাণ্টেজ আছাম ২.০