৪১ বছৰৰ পাছত আকৌ এবাৰ মহাকাশত প্ৰতিধ্বনিত হ'ল "চাৰে জাহাচে আচ্ছা!"

মানুহে জানিব বিচাৰে যে আজি ভাৰত কেনেকুৱা। মহাকাশৰ পৰা আজিৰ ভাৰত অভিলাষী যেন লাগিছে, আজিৰ ভাৰত নিৰ্ভীক যেন লাগিছে, আজিৰ ভাৰত গৌৰাম্বিত, আজিৰ ভাৰত সমগ্ৰ বিশ্বতকৈ ধুনীয়া...

New Update
1

ডিজিটেল ডেস্কঃ  আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বিদায়ৰ পূৰ্বে আজি সন্ধিয়া মহাকাশচাৰী শুভাংশু শুক্লাই দলটোৰ সৈতে তেওঁৰ এই সফলতা উদযাপন কৰে। উক্ত সময়ছোৱাত শুভাংশু শুক্লাই নিউ ইণ্ডিয়া সন্দৰ্ভত এক মন্তব্যই প্ৰদান কৰে। তেওঁৰ বক্তব্যত স্তম্ভিত হৈ পৰে বিদেশী সহ মহাকাশচাৰী সকল।

শুভাংশু শুক্লাই তেওঁৰ ভাষণৰ আৰম্ভণিতে কয় যে, এক্সিয়াম-৪ মিছন অতি আচৰিত আছিল। এতিয়া এই মিছন শেষ হ’বলৈ ওলাইছে। এই অভিযানৰ সৈতে জড়িত সকলোকে ধন্যবাদ। তেওঁ লগতে কয়, যেতিয়াই সময় পাঁও তেতিয়াই পৃথিৱীখন দেখিছিলো, তেতিয়াই পৃথিৱীলৈ চাইছিলো! ই এক অবিশ্বাস্য যাত্ৰা।

Advertisment

শুভাংশু শুক্লাই তেওঁৰ মহাকাশ যাত্ৰাৰ অন্ত পৰিব বুলি কয় যদিও ভাৰতৰ মানৱ মহাকাশ অভিযানৰ যাত্ৰা এতিয়াও অতি দীঘলীয়া আৰু কঠিন বুলি উল্লেখ কৰে। তেওঁ কয় যে, তোমাৰ আৰু মোৰ যাত্ৰা এতিয়াও বহুত দীঘলীয়া। মই আপোনালোকক আশ্বাস দিব পাৰো যে আমি যদি দৃঢ়প্ৰতিজ্ঞ হওঁ তেন্তে তৰাবোৰলৈ যাত্ৰা দূৰ নহয়।

শুক্লাই কয় যে, ৪১ বছৰ পূৰ্বে এজন ভাৰতীয় মহাকাশলৈ গৈছিল। তেওঁ আমাক তাৰ পৰাই আমাৰ দেশখন দেখিবলৈ কেনেকুৱা সেই কথা কৈছিল। আজিও ৰাইজে জানিব বিচাৰে যে বৰ্তমান ভাৰতখন দেখিবলৈ কেনেকুৱা? মই ক'ব বিচাৰো- মহাকাশৰ পৰা আজিৰ ভাৰত অভিলাষী যেন লাগিছে, আজিৰ ভাৰত নিৰ্ভীক যেন লাগিছে, আজিৰ ভাৰত গৌৰাম্বিত, আজিৰ ভাৰত সমগ্ৰ বিশ্বতকৈ ধুনীয়া,চাৰে জাহাচে আচ্ছা, হিন্দুস্তান হামাৰ ! শীঘ্ৰে পৃথিৱীত দেখা হ'ব বুলি মন্তব্য সামৰে শুভাংশুই। 

উল্লেখ কৰা প্ৰয়োজন যে, শুভাংশু শুক্লা আৰু তেওঁৰ দলটোৱে অহা ১৫ জুলাইত ভাৰতীয় সময় অনুসৰি বিয়লি প্ৰায় ৩:০০ বজাত কেলিফৰ্ণিয়াৰ সমীপৰ সাগৰত অৱতৰণ কৰিব। ইয়াৰ পিছত সকলোকে মেডিকেল টেষ্ট আৰু কাউন্সেলিঙৰ বাবে পঠিওৱা হ’ব। যিটোত প্ৰায় ৭২ ঘণ্টা সময় লাগিব। অৱশ্যে ১৪ জুলাইৰ ভাৰতীয় সময় অনুসৰি বিয়লি ৪:৩০ বজাত আনডকিং প্ৰক্ৰিয়াৰ দিন ধাৰ্য কৰা হৈছে।

শুভাংশু শুক্লা