/asomiyapratidin/media/media_files/2025/07/13/1-2025-07-13-23-03-21.jpg)
ডিজিটেল ডেস্কঃ বিশ্ববিদ্যালয় অনুদান আয়োগে সকলো উচ্চ শিক্ষানুষ্ঠানকে স্থানীয় বা মাতৃভাষাত পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত ২৭ জানুৱাৰীত আয়োগে এখন পত্ৰ জাৰি কৰিছিল।
পত্ৰখনত উল্লেখ আছিল, “ভাৰতীয় ভাষা সমিতিৰ সহযোগত ২০২৪ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ পৰা শিক্ষক প্ৰশিক্ষণৰ বাবে মাতৃভাষাত পাঠ্যক্ৰম আৰম্ভ কৰাৰ কাৰ্যসূচী আৰম্ভ কৰা হ’ব। ইয়াৰ বাবে ইউজিচিয়ে সকলো শিক্ষানুষ্ঠানকে এজনকৈ শিক্ষক নিযুক্তি দিবলৈ নিৰ্দেশ দিছে, তেওঁক মাষ্টাৰ ট্ৰেইনাৰ হিচাপে প্ৰশিক্ষণ দিয়া হ’ব। তাৰ পিছত তেওঁলোকে প্ৰতিষ্ঠানটোৰ আন শিক্ষকসকলক প্ৰশিক্ষণ দিব।”
"এই পদক্ষেপে দেশৰ উচ্চ শিক্ষাৰ মুঠ নামভৰ্তি অনুপাত (জি ই আৰ) বৃদ্ধি কৰিব, যিটো বৰ্তমান প্ৰায় ২৫ শতাংশ। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ লক্ষ্য হৈছে ২০৩৫ চনৰ ভিতৰত ইয়াক ৫০ শতাংশলৈ বৃদ্ধি কৰা। বৰ্তমান ভাষাৰ বাধাৰ বাবে দেশৰ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে"- বুলিও ইউ জি চিয়ে পত্ৰখনত উল্লেখ কৰে।
উল্লেখ কৰা প্ৰয়োজন, ভাৰতীয় ভাষাৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ শিক্ষা মন্ত্ৰালয়ে গঠন কৰা সমিতিৰ পৰামৰ্শৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইউজিচিয়ে বিশ্ববিদ্যালয়সমূহক ভাৰতীয় ভাষা মহোৎসৱ উদযাপন কৰিবলৈও নিৰ্দেশ দিছে, য’ত অহা ১১ ডিচেম্বৰত ‘ভাৰতীয় ভাষা দিৱস’ উদযাপন কৰা হ’ব।