/asomiyapratidin/media/media_files/2025/07/13/1-2025-07-13-23-10-19.jpg)
ডিজিটেল সংবাদ, চিৰাং: কাজলগাঁওস্থিত পৌৰ সভাৰ কাৰ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে জাৰ্নেলিষ্ট এচোচিয়েশ্বন ফৰ অসম চমুকৈ জাফাৰ চিৰাং আৰু বঙাইগাঁও জিলা সমিতিৰ যুটীয়া ভাবে বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ।
অধিৱেশনৰ প্ৰতিনিধি সভা মুকলি কৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়ো আৰু তেখেতৰ সৈতে উপস্থিত থাকে বিটিচিৰ জনসংযোগ বিভাগৰ কাৰ্য্যবাহী সদস্য নিলুৎ স্বৰ্গীৱাৰী, পাৰিষদ মাধৱ ছেত্ৰী, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী ।
প্ৰতিনিধি সভা উদ্বোধন কৰি বিটিচিৰ মুখ্য প্ৰমোদ বড়োই দেশ তথা সমাজ সুচাৰুৰূপে পৰিচালনা কৰাত সংবাদ মাধ্যমে অতুলনীয় ভুমিকা পালন কৰি যাৰ বাবেই সংবাদ মাধ্যম গণতন্ত্ৰত চতুৰ্থ স্তম্ভ হিচাপে স্থান লাভ কৰিছে । জাফাৰ মাণ্ডলিক কাৰ্যালয়ৰ বাবে চিৰাং জিলা সদৰ কাজলগাঁওত ভূমি আবন্টন দিয়াৰ লগতে কাৰ্যালয় নিৰ্মানৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰমোদ বড়োই ।
আনপিনে বড়োলেণ্ডৰ ৰাজনীতি সন্দৰ্ভত বিপিএফ দলৰ নেতা বিক্ৰম দৈমাৰীয়ে প্ৰমোদ বড়োক বড়ো মাধ্যম ধ্বংশ কৰাত নামি পৰিছে বুলি কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰ দি কয় বিক্ৰম দৈমাৰী অভিৰ্ভাৱ কিছুদিনত আগত হৈছে, বিক্ৰম দৈমাৰী বড়ো মিডিয়ামৰ শিক্ষা অনুষ্ঠানত কেতিয়াবা গৈছে নে নাই নাজানো। মই কিন্ত বড়ো মাধ্যমৰ বাবে এবছুত থকাৰ সময়ৰ পৰা আন্দোলন কৰি আহিছো দীৰ্ঘ প্ৰায় ১৯ বছৰ ।
২০০৬ চনৰ পৰা ১৯ বছৰে মই মাত মাতি আহিছো বড়ো মাধ্যম লৈ। বিপিএফৰ ঔৰসত জন্ম হোৱা বিক্ৰম দৈমাৰীয়ে জানে নে বিপিএফে ১৭ বছৰে বড়োলেণ্ডত কি কৰিছে ? যোৱা ১৭ বছৰত বিপিএফে অগনন বাহিৰৰ ঠিকাদাৰক বিটিচিৰ উন্নয়ণৰ কাম দিছে। বিক্ৰম দৈমাৰী ঠিকাদাৰ তেওঁ এটা কাম কৰি দুবাৰ বিল আদায় কৰাৰ ৰেকৰ্ড আছে মোৰ হাতত ।
অহা সপ্তাহত সংবাদমেল পাতি সকলো ঠিকাদাৰৰ তথ্য দিম বুলি কয় প্ৰমোদ বড়োই । বিগত সময়ত বিটিচিত শান্তি কি ধৰনৰ আছিল সকলোৱে জানে । যোৱা বছৰ মোৰ ওপৰতে আক্ৰমন কৰিছিল বুলি কয় প্ৰমোদ বড়োই । সাংবাদিকৰ ওপৰত হোৱা আক্ৰমনৰ ঘটনাক গৰিহণা জনাই বিটিআৰত মই থকালৈকে যাতে তেনে কোনো ধৰনৰ ঘটনা নহয় তাৰ প্ৰতি আমি সদায় দৃষ্টি ৰাখিম বুলি কয় প্ৰমোদ বড়োই ।
আজি জাফাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে পুৱা ৮ বজাত জাফাৰ পতাকা উত্তোলন কৰে চিৰাং আৰু বঙাইগাঁও জিলা সমিতিৰ সভাপতি ক্ৰমে সুনীল কুমাৰ শৰ্মা আৰু উত্তম কুমাৰ বৰ্মনে । ইয়াৰ পিচতে স্মৃতি তৰ্পন কৰে দুয়ো জিলাৰ সম্পাদক ক্ৰমে আব্দুল মালেক আহমেদ আৰু ৰঞ্জিত দত্তই । প্ৰতিনিধি সভাত দুয়োখন জিলাৰ নতুনকৈ জিলা সমিতি গঠন কৰা হয় ।
চিৰাং জিলা সভাপতি হিচাবে সুনীল কুমাৰ শৰ্মাক আৰু সাধাৰণ সম্পাদক হিচাবে আব্দুল মালেক আহমেদক দায়িত্ব দিয়াৰ লগতে ১৭ জনীয়া কমিটী গঠন কৰে । একেদৰে বঙাইগাঁও জিলাৰ সভাপতি হিচাবে ৰঞ্জিত দত্ত আৰু সাধাৰণ সম্পাদক হিচাবে নিৰঞ্জন ৰায়ক লৈ ১১ জনীয়া বঙাইগাঁও জিলা সমিতি গঠন কৰা হয়।
তাৰ পিচতে বিয়লি ২ বজাৰ পৰা জাফাৰ কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । সভাত কোকৰাঝাৰ লোক সভাৰ সাংসদ জয়ন্ত কুমাৰ বসুমতাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, পাৰিষদ পানীৰাম ব্ৰহ্ম লগতে জাফাৰ সভাপতি-সম্পাদক সহ কেন্দ্ৰীয় সমিতিৰ কেবাজনো সদস্য, ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ পৰা অহা জাফাৰ প্ৰতিনিধি সকল উপস্থিত থাকে ।