বিশেষ প্ৰতিবেদন

সাহিত্যৰ স্থান নাই, ৰাজনীতিহে এতিয়া সাহিত্য সভা...

Asomiya Pratidin
এক জাতীয় অনুষ্ঠান অসম সাহিত্য সভা। এই সাহিত্য সভাৰ প্ৰতি মানুহৰ এটা সময়ত বহু আৱেগ আছিল। কিন্তু কেইটামান বছৰ ধৰি চলি থকা বিভিন্ন বিতৰ্কৰ বাবে সাহিত্য সভাৰ পূৰ্বৰ গৰিমা যেন হ্ৰাস পাইছে। আহি আছে অসম সাহিত্য সভাৰ নাৰায়ণপুৰৰ অধিৱেশন। এইবাৰৰ অধিৱেশনত প্ৰৱেশ ঘটিছে ৰাজনৈতিক নেতাৰ। বলপূৰ্বক ধন সংগ্ৰহৰো উঠিছে অভিযোগ। এই সন্দৰ্ভত বৰষা শৰ্মাৰ এত বিশেষ প্ৰতিবেদন...

অসম সাহিত্য সভাতো প্ৰৱেশ ঘটিল ৰাজনৈতিক নেতাৰ। বিশিষ্ট সাহিত্যিকৰ সলনি এইবাৰ অসম সাহিত্য সভাত প্ৰৱেশ ঘটিল বহু নামী দামী ৰাজনৈতিক প্ৰভাৱশালী নেতাৰ। এই বিষয়টোৱে বৰ্তমান সচেতন সমাজত আলোড়নৰ সৃষ্টি কৰিছে।

এয়া প্ৰথম নহয়। বৰ্তমান বেছি ভাগ সময় বিতৰ্কত থাকে অসম সাহিত্য সভা।জাতীয় জীৱনৰ মাগদৰ্শক হিচাপে ১০০ বছৰৰো অধিক সময় গৰকা এই অনুষ্ঠানটোৰ বিৰুদ্ধে এনে বিতৰ্ক কাৰোৱেই কাম্য নাছিল।

সাহিত্য সভাত এতিয়া সাহিত্য চাফা। বিতৰ্ক, খাম খেয়ালীত সাহিত্য সভা বিধ্বস্ত।অসম সাহিত্য সভাৰ এনে দশা হ'ব বুলি কোনোৱে কেতিয়াও কল্পনাই কৰা নাছিল। ধন কেলেংকাৰী, সভাপতি নিৰ্বাচন আদিকে ধৰি বিভিন্ন বিষয়ৰ বাবে অসম সাহিত্য সভা সমালোচনাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

সাহিত্যৰ মন্দিৰ অসম সাহিত্য সভা। কিন্তু এতিয়া যেন সাহিত্য সভাত কম চৰ্চা হয় সাহিত্যৰ। তাৰ বিপৰীতে কোনে ক'ত টকাৰ হিচাপ দিয়া নাই, লবী গিৰী আদিয়ে লাভ কৰিছে স্থান।

এইবাৰো ব্যতিক্ৰম নহ'ল। ৩১ জানুৱাৰী ২০২৩ ৰ পৰা ৪ ফেব্ৰুৱাৰী ২০২৩ লৈ অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশন। কিছুদিন পূৰ্বে প্ৰকাশ পাইছে অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনৰ কাৰ্যসূচী। য'ত দেখিবলৈ পোৱা যায় যে অধিৱেশনৰ প্ৰায়বোৰ কাৰ্যসূচীতে ভৰি পৰিছে ৰাজনৈতিক নেতাৰ নাম। বিধায়ক অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত অনুষ্ঠিত হ'ব এই অধিৱেশন।

এটা সময় আছিল যেতিয়া সাহিত্য সভাত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষেধ আছিল ।কিন্তু বৰ্তমানৰ সাহিত্য সভাৰ কাম কাজ দেখিলে অনুমান কৰিব পাৰি যে জাতীয় অনুষ্ঠানত ৰাজনৈতিক নেতা অবিহনে যে একোৱেই নহয়।

গতিকে এনেদৰে নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সচেতন মহলে। ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া এই অধিবেশত এতিয়া ৰাজনৈতিক নেতাৰ ভিৰ।  সাহিত্য সভাৰ বিৰুদ্ধে ৰাইজৰ থকা আকাংশা যেন সঁচা প্ৰমাণিত হোৱাৰ পথত। কেইগৰাকী মান বিশিষ্ট সাহিত্যিকৰ বাহিৰে প্ৰায়বোৰ ৰাজনৈতিক নেতাই স্থান পাইছে এই অধিৱেশনত।

কেৱল শাসকীয় দলৰ নেতা মন্ত্ৰীয়েই নহয়, বিভিন্ন ছাত্ৰ সংগঠনৰ নেতাইও স্থান পাইছে নাৰায়ণপুৰৰ অধিৱেশনত। মুঠতে সাহিত্যিকৰ সলনি এফালৰ পৰা ভিৰ কৰিছে ৰাজনৈতিক নেতাই।

দ্বিতীয় মুকলি অধিৱেশন অনুষ্ঠিত হ'ব ৪ ফেব্ৰুৱাৰী ২০২৩ ৰ দিনৰ ১১ বজাৰ পৰা।অনুষ্ঠানৰ উদ্বোধক হিচাপে থাকিব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপ জ্যোতি সন্দিকৈ। তেখেতে প্ৰগতিশীল কাব্য সাধনাৰে এক সু-পৰিচিতি লাভ কৰাৰ উপৰিও শৈক্ষিক ক্ষেত্ৰখনৰ সৈতে জড়িত।

নৱ নিৰ্বাচিত সভাপতি সূৰ্যকান্ত হাজৰিকাই সেই অধিৱেশনৰ সঞ্চালনা কৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু থাকিব ক্ৰমে মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে। বিশিষ্ট অতিথি হ'ব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, তুলিৰাম ৰংহাং। বিশেষভাৱে আমন্ত্ৰিত অতিথি হ'ব অসমৰ ৪ গৰাকী মন্ত্ৰী। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ প্ৰদান বৰুৱা, কেইবাগৰাকী বিধায়ক আৰু ৰাজনীতিবিদ।

অনুষ্ঠানলৈ ৰাজনীতিবিদ আহিব লাগে কিন্তু সাহিত্য সভাৰ এই দিনটোত ৯৯ শতাংশ ৰাজনীতিবিদেৰে ভৰি পৰাত প্ৰশ্ন উত্থাপন হোৱাতো স্বাভাৱিক।

ইয়াৰোপৰি এই অধিবেশনৰ বিৰুদ্ধে আন এক অভিযোগ উত্থাপনো হৈছে। যথে মধে তথা বলপূৰ্বক ভাৱে অসম সাহিত্য সভা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে একাংশই। যাৰ বাবে সচেতন মহল ক্ষোভিত হৈ পৰিছে।

খাটি খোৱা ক্ষুদ্ৰ ব্যৱসায়ী সকলক সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন আয়োজক সমিতিয়ে প্ৰদান কৰিছে ১০০-২০০ টকাৰ কুপন। আনকি কন কন শিক্ষাৰ্থীৰ পৰাও লৈছে ৫০ টকাকৈ। বিধায়ক অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত হোৱা সাহিত্য সভাৰ অধিৱেশনৰ বাবে ধন সংগ্ৰহৰ প্ৰক্ৰিয়া ইমানেই ক্ষীপ্ৰতৰ হৈ পৰিছে যে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ হাতত তুলি দিয়া হৈছে ৰিচিপ্ট বহী। অধিৱেশনৰ আয়োজক সমিতিৰ এই কাণ্ডৰ বাবে এতিয়া অসন্তুষ্ট হৈ পৰিছে জনতা।

৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশন ৬.৬৯ কোটি টকা ব্যয়েৰে ৮০০ বিঘা ভূমিত চলিব। ইতিমধ্যে অধিৱেশনৰ কাম-কাজ ৯৮ শতাংশ কাম সম্পূৰ্ণ হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত চৰকাৰীভাৱে ১০০ শতাংশই সকলো সহায়-সহযোগ আগঢ়োৱা বুলি মন্তব্য কৰে বিধায়ক অমিয় কুমাৰ ভূঞাই। ইয়াৰ মাজতে সাহিত্য সভাৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ গুৰুতৰ।

থলুৱা ব্যৱসায়ী সকলৰ চিন্তা, ভাত মুঠি খাই কোনোমতে জীৱন নিৰ্বাহ কৰা এই ব্যৱসায়ী সকলে কেনেকৈ বৰঙণি দিব ২০০ টকা। ইফালে এটকাও কম কৰিবলৈ নিবিচাৰে ধন সংগ্ৰহকাৰীয়ে।

অসম সাহিত্য সভাৰ দৰে এটি জাতীয় অনুষ্ঠানৰ একে কাণ্ড লাজ লগা। বলপূৰ্বক ধন সংগ্ৰহ, ৰাজনৈতিক নেতাৰ প্ৰৱেশে আদিয়য়েও এতিয়া স্থান পালে সাহিত্য সভাত।

সাহিত্য সভাৰ অৱস্থা সঁচাই দুখ লগা। মানুহে হেৰুৱাই পেলাইছে অসম সাহিত্য সভাৰ প্ৰতি থকা আৱেগ। জাতীয় অনুষ্ঠানৰ পৰা সাহিত্য সভা কেতিয়াবাই পথচ্যুত হৈছে। গতিকে এনেবোৰ কাণ্ডই যে অসম সাহিত্য সভাক ৰাইজৰ পৰা আৰু যে দূৰলৈ লৈ যাব সেয়া নিশ্চিত...