মণিপুৰত পুনৰ হিংসাঃ বিদ্যালয়ৰ বাহিৰত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে মহিলাক

পুনৰ মণিপুৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা। পশ্চিম ইম্ফলৰ এখন বিদ্যালয়ৰ বাহিৰত এগৰাকী মহিলাক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।

author-image
Asomiya Pratidin
New Update
মণিপুৰত পুনৰ হিংসাঃ বিদ্যালয়ৰ বাহিৰত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে মহিলাক

ডিজিটেল ডেস্কঃ পুনৰ মণিপুৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা। পশ্চিম ইম্ফলৰ এখন বিদ্যালয়ৰ বাহিৰত এগৰাকী মহিলাক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে বৃহস্পতিবাৰে জনাই এই কথা।

Advertisment

ঘটনাটোৱে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। এদিন পূৰ্বে ৰাজ্যখনত বিদ্যালয়সমূহ খোলা হৈছিল। তাৰ পাছতে এই ঘটনা সংঘটিত হয়। বৰ্তমান পৰ্যন্ত মহিলাগৰাকী চিনাক্ত কৰা হোৱা নাই।

উল্লেখ্য যে, প্ৰায় ২ মাহ ধৰি চলি আছে মণিপুৰত গোষ্ঠীগত সংঘৰ্ষ। কুকি আৰু মেইটেই সকলৰ মাজত হোৱা এই সংঘৰ্ষৰ ফলত বৰ্তমান পৰ্যন্ত প্ৰায় ১২০ জন লোক নিহত হোৱাৰ লগতে ৩০০০ লোক আহত হয়। ইয়াৰোপৰি গৃহহীন হৈ পৰে বহুলোক।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে যথেষ্ঠ চেষ্টা চলাই আছে যদিও এতিয়ালৈকে সক্ষম হোৱা নাই। ৰাজ্যখনত যাতে কোনো হিংসাৰ বাতৰি বিয়পি নপৰে, কোনো বিভ্ৰান্তিকৰ খবৰ নিবিয়পে তাৰ বাবে পুনৰ ১০ জুলাইলৈ বাতিল কৰা হৈছে ইন্টাৰনেট সেৱা।

Also Read: তথ্য জনসংযোগ বিষয়াৰ নিযুক্তি বিজ্ঞাপনত উল্লেখ থকা প্ৰাৰ্থীৰ অৰ্হতাক লৈ প্ৰশ্ন...

manipur