তথ্য জনসংযোগ বিষয়াৰ নিযুক্তি বিজ্ঞাপনত উল্লেখ থকা প্ৰাৰ্থীৰ অৰ্হতাক লৈ প্ৰশ্ন...

তথ্য জনসংযোগ বিষয়াৰ নিযুক্তি বিজ্ঞাপনত উল্লেখ থকা প্ৰাৰ্থীৰ অৰ্হতাক লৈ প্ৰশ্ন...

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগে ৩ জুনত প্ৰকাশ কৰিছে অসম চৰকাৰৰ জনসংযোগ বিভাগত খালি হোৱা কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া আৰু জ্যেষ্ঠ তথ্য আৰু জন সংযোগ বিষয়াৰ ১০ টা পদৰ নিযুক্তিৰ বাবে বিজ্ঞাপন। ৩ জুন ২০২৩ ত বিজ্ঞাপন নং ১৮/২০২৩ আৰু বিজ্ঞাপন নং ১৯/ ২০২৩ ৰ জৰিয়তে প্ৰকাশ কৰা বিজ্ঞাপনত উল্লেখ আছে কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়াৰ ৬ টা আৰু জ্যেষ্ঠ তথ্য আৰু জনসংযোগ বিষয়াৰ ৪ টা পদৰ বাবে আবেদন বিচৰা হৈছে।

এই পদসমূহ পূৰণৰ বাবে যিবোৰ শিক্ষাগত অৰ্হতাৰ কথা উল্লেখ কৰা হৈছে সেই শিক্ষাগত অৰ্হতা সাম্প্ৰতিক সময়ৰ ডিজিটেল যুগত কিমান প্ৰাসংগিক হৈছে তাক লৈ প্ৰশ্ন উঠিছে। এই অৰ্হতাত উল্লেখ আছে যে এই পদৰ বাবে বিজ্ঞান, কলা, বাণিজ্য যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব।

এইবাৰ কাৰিকৰী আৰু বৃত্তিগত স্নাতক ডিগ্ৰীধাৰী লোকসকলেও এই পদৰ বাবে আবেদন জনাব পাৰিব। ইয়াৰোপৰি সাংবাদিকতা আৰু মাচকমিউনিকেশ্যনত ইউ জি চিৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা প্ৰাৰ্থীৰ ডিগ্ৰী বা ডিপ্লমা থকাতো বাঞ্চনীয়।অন্যথা কোনোবা বাতৰি কাকত, বাতৰি প্ৰতিষ্ঠান, পাব্লিক ৰিলেচন অৰগেনাইজেশ্যন, চৰকাৰী জনসংযোগ বিভাগ আদিত কাম কৰা ৫ বছৰ অভিজ্ঞতা থাকিব লাগিব প্ৰাৰ্থীৰ।

ইংৰাজীত দখল, অসমীয়া আৰু স্থানীয় ভাষাত দখল থকাৰ লগতে প্ৰাৰ্থীৰ চৰকাৰী স্বীকৃত প্ৰতিষ্ঠানৰ পৰা ৬ মাহৰ কম্পিউটাৰৰ ব্যৱহাৰক ডিপ্লমা থকাতো বাঞ্চনীয়। এইখিনিতে প্ৰশ্ন উঠিছে কম্পিউটাৰ ডিপ্ল'মা প্ৰদানৰ বাবে কিমান চৰকাৰী প্ৰতিষ্ঠান আছে ৰাজ্যখনত।

সন্দেহ কৰা হৈছে কোনো বিভাগত নিয়োজিত এচাম নিৰ্দিষ্ট প্ৰাৰ্থীক নিযুক্তিৰ বাবে এইধৰণৰ অৰ্হতা যুগুত কৰা হৈছে এই বিজ্ঞাপনত। উল্লেখ্য যে, এই পদৰ বাবে ১৮ জুনৰ পৰা অনলাইনযোগে আবেদন গ্ৰহণ কৰি থকা হৈছে। ১৭ জুলাই হ'ল অনলাইন আবেদনৰ অন্তিম দিন।

ইফালে ডিজিটেল মাধ্যমৰ প্ৰচাৰ, প্ৰসাৰ বৃদ্ধিৰ সময়ত এই পদৰ বাবে তেনে মাধ্যমৰ অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ বা ইয়াক অন্যতম এক অৰ্হতা হিচাপে গ্ৰহণ কৰাৰ সম্পূৰ্ণ অৱকাশ থকাৰ পাছতো এই দিশটো এৰাই চলা হৈছে।

তথ্য জনসংযোগ বিষয়াৰ নিযুক্তি বিজ্ঞাপনত উল্লেখ থকা প্ৰাৰ্থীৰ অৰ্হতাক লৈ প্ৰশ্ন...
অসমৰ এখন গাঁও, য'ত আজিলৈ ঘটা নাই অপৰাধজনিত ঘটনা, গৈ পোৱা নাই আৰক্ষী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in