লক্ষণ জানি লৈ সৰ্তকতা অৱলম্বন কৰক, অন্যথা হেৰুৱাব দৃষ্টিশক্তি

সাধাৰণতে বাৰিষাৰ দিনকেইটাত আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। বৰষুণৰ পানীয়ে আমাৰ শৰীৰলৈ নানান সমস্যা কঢ়িয়াই আনে।শেহতীয়াকৈ দিল্লীকে ধৰি দেশৰ বিভিন্ন ঠাইত আই ফ্লুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।এই ৰোগক ‘পিংক আই’ বুলিও কোৱা হয়। ই হৈছে এক প্ৰকাৰৰ সংক্ৰামক ৰোগ, যি সংক্ৰমিত ব্যক্তি বা তেওঁৰ চকুপানীৰ সংস্পৰ্শৰ জৰিয়তে বিয়পে।

author-image
Asomiya Pratidin
New Update
লক্ষণ জানি লৈ সৰ্তকতা অৱলম্বন কৰক, অন্যথা হেৰুৱাব দৃষ্টিশক্তি

ডিজিটেল ডেস্ক: সাধাৰণতে বাৰিষাৰ দিনকেইটাত আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। বৰষুণৰ পানীয়ে আমাৰ শৰীৰলৈ নানান সমস্যা কঢ়িয়াই আনে।শেহতীয়াকৈ দিল্লীকে ধৰি দেশৰ বিভিন্ন ঠাইত আই ফ্লুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।এই ৰোগক ‘পিংক আই’ বুলিও কোৱা হয়। ই হৈছে এক প্ৰকাৰৰ সংক্ৰামক ৰোগ, যি সংক্ৰমিত ব্যক্তি বা তেওঁৰ চকুপানীৰ সংস্পৰ্শৰ জৰিয়তে বিয়পে। ইয়াৰ বাহিৰেও, ই  সংক্ৰমিত ব্যক্তিজনে কাহ বা হাঁচি মাৰিলেও বিয়পিব পাৰে।

Advertisment

দিল্লীৰ চিকিৎসালয়সমূহত আই ফ্লুত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ বাবে এই সংক্ৰমণ বৃদ্ধি পাইছে।এই চিকিৎসালয়সমূহত প্ৰথমে মাত্ৰ ২০ ৰ পৰা ৩০ জন ৰোগী দেখা গৈছিল যদিও এতিয়া ৰোগীৰ সংখ্যা প্ৰতিখনতে বৃদ্ধি হৈছে। কেৱল প্ৰাপ্তবয়স্কই নহয়, শিশুও অতি সোনকালে এই ৰোগত আক্ৰান্ত হৈছে।

ঘৰুৱা প্ৰতিকাৰে বৃদ্ধি কৰিছে সমস্যা 

আই ফ্লু ৰোগীসকলে জনোৱা মতে, প্ৰথমে তেওঁলোকৰ চকুত জ্বলা-পোৰা আৰু তাৰ পিছত খজুৱতি হৈছিল। খজুৱতিৰ পিছত চকুৰ পৰা পানী ওলাই আহিবলৈ আৰম্ভ কৰে আৰু চকু ফুলি যায়। ইয়াৰ পিছত তেওঁলোকে কিছুমান ঘৰুৱা প্ৰতিকাৰ লৈছিল। যাৰ ফলত চকুটো অধিক ৰঙা হৈ পৰিছিল আৰু ইয়াত বিষ আৰু বিন্ধাৰ দৰে সমস্যা আৰম্ভ হৈছিল।এই ৰোগত আক্ৰান্ত ৰোগীৰ পৰিয়ালৰ বাকী সদস্যসকলো অতি সহজেই সংক্ৰমিত হৈছিল।

বিশেষজ্ঞই কি কয় ?

বিশেষজ্ঞসকলৰ মতে, ই অতি সহজে বিয়পি পৰা ৰোগ। ইয়াক কঞ্জাক্টিভাইটিছক পিংক আই বুলিও কোৱা হয়।ই এনে এক সংক্ৰমণ য'ত কঞ্জাক্টিভা ফুলি উঠে। যদি আপোনাৰ ঘৰৰ কাৰোবাৰ এই সমস্যা আছে, তেন্তে ইজনে সিজনৰ টাৱেল, ৰুমাল আপুনি ব্যৱহাৰ নকৰিব।কোনো ঘৰুৱা প্ৰতিকাৰো নকৰিব। ই আপোনাৰ দৃষ্টিশক্তিও কাঢ়ি নিব পাৰে। 

আই ফ্লুৰ লক্ষণ-

-ঠাণ্ডা অনুভৱ কৰা

- জ্বৰ হোৱা

- চকু ৰঙা হোৱা  

- চকুৰ পৰা পানী ওলাই থকা 

- চকু ফুলা 

নিজকে কিদৰে সুৰক্ষিত কৰিব ? 

- সঘনাই হাত পৰিস্কাৰ কৰিব।

- চকু দুটা বাৰে বাৰে স্পৰ্শ নকৰিব।

.- মুখখন পৰিস্কাৰ কৰি ৰাখিব।

- যদি আপুনি বাহিৰলৈ ওলাই যায়, চশমা পিন্ধিব।

- ভুক্তভোগীৰ সৈতে চকুৰ সম্পৰ্ক নকৰিব।

- সংক্ৰমিত ব্যক্তিজনৰ বিচনা, টাৱেল বা কাপোৰ ব্যৱহাৰ নকৰিব।

- টিভি, কম্পিউটাৰ আৰু ম'বাইলৰ পৰা দূৰত্ব ৰাখিব। 

এই ৰোগৰ লক্ষণবোৰে দেখা দিলে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব। 

Also Read: অভিভাৱকসকল সাৱধান হওঁক, কাহ হ’লেই শিশুক কফ চিৰাপ খুৱাই নিদিব