ৰঙাপৰাত চুৰিকাণ্ড : দোকানৰ তলা ভাঙি চোৰে লুটি নিলে মোবাইল ফোন আৰু নগদ ধন

শোণিতপুৰৰ ৰঙাপৰাত বুধবাৰে নিশা সংঘটিত হৈছে চুৰিকাণ্ড। ৰঙাপৰা চহৰৰ ৯ নং ৱাৰ্ডত থকা 'তৃশা' নামৰ ম'বাইল ফোনৰ দোকানখনত চোৰে চুৰিকাণ্ড সংঘটিত কৰে।

author-image
Asomiya Pratidin
New Update
চোৰে লুটি নিলে মোবাইল ফোন আৰু নগদ ধন

ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ ৰঙাপৰাত বুধবাৰে নিশা সংঘটিত হৈছে চুৰিকাণ্ড। ৰঙাপৰা চহৰৰ ৯ নং ৱাৰ্ডত থকা 'তৃশা' নামৰ ম'বাইল ফোনৰ দোকানখনত চোৰে চুৰিকাণ্ড সংঘটিত কৰে। 

Advertisment

দুৱাৰৰ তলা ভাঙি দোকানখনৰ ভিতৰত প্ৰৱেশ কৰি চোৰে এটা নতুন ম'বাইল ফোন, ১২-১৩ টা পুৰণি ম'বাইল ফোন আৰু দোকানত থকা নগদ প্ৰায় ৩০-৪০ হাজাৰ টকা চুৰি কৰি লৈ যায়। ৰঙাপৰা চহৰখনত আৰক্ষীৰ নিয়মীয়া তালাচী আৰু নৈশ পহৰাৰ ব্যৱস্থা থকাৰ পাছতো চহৰখনত প্ৰায়েই চুৰি কাণ্ড সংঘটিত হৈ অহাত ব্যৱসায়ীসকল চিন্তিত হৈ পৰিছে।

জামুগুৰিহাট