সাৱধান! এইসকল লোকে পুদিনা নাখাব

সাৱধান! এইসকল লোকে পুদিনা নাখাব

ডিজিটেল ডেস্ক: আমাৰ ঘৰসমূহত ৰোপণ কৰা গছ আৰু উদ্ভিদত এনে বহুতো গুণ পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই সকলোবোৰ উদ্ভিদৰ ভিতৰত পুদিনাও অন্যতম।পুদিনা অধিকাংশ লোকৰ ঘৰতে পোৱা যায়। টুথপেষ্ট, চুইংগাম, মাউথ ফ্ৰেচনাৰ, কেণ্ডি, ইনহেলাৰ আদিত পুদিনা ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো পুদিনা ব্যৱহাৰ কৰা হয়। কিন্তু সকলো লোকৰ বাবে পুদিনা উপকাৰী নহয়।আজি এই বিষয়ে জানো আহক-

১. গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স ৰোগত আক্ৰান্ত লোকসকলে পুদিনা খোৱাৰ পৰা দূৰতে থাকিব লাগে।উল্লেখ্য, 'জিইআৰডি' অর্থাৎ গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স এবিধ হজম সম্বন্ধীয় ব্যাধি।

২.গৰ্ভধাৰণৰ সময়ত অত্যাধিক পুদিনা বা পুদিনাৰ চাহ খোৱাৰ ফলত গৰ্ভপাত হোৱাৰ আশংকা বহুগুণে বৃদ্ধি হয়। সেয়েহে মহিলাসকলে গৰ্ভধাৰণৰ সময়ত পুদিনা পৰিহাৰ কৰিব লাগে।

৩. পুদিনা অত্যাধিক ব্যৱহাৰে আপোনাৰ ডিঙিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৪. পুদিনা অত্যাধিক ব্যৱহাৰে বৃক্ক আৰু অন্ত্ৰৰো ক্ষতি কৰিব পাৰে।

৫. যদি আপুনি বৃক্কৰ ৰোগী, তেন্তে পুদিনা আপোনাৰ বাবে ভাল নহয়। পুদিনাৰ পৰা দূৰত থকাটোয়েই আপোনাৰ বাবে মংগল।

৬. পুদিনা বেছিকৈ খালে, ই শৰীৰত ৰক্ত শৰ্কৰা কমাই দিব পাৰে।

৭. পুদিনা ৭-৮ বছৰৰ কম বয়সৰ শিশুৰ বাবে উপযুক্ত নহয়।

৮. যদি আপুনি যকৃতৰ ৰোগী, তেন্তে ভুলতে পুদিনাৰ পিল বা পুদিনা নাখাব।

৯. যিসকলৰ ছাল সংবেদনশীল, তেওঁলোকেও পুদিনা খোৱাৰ পৰা বিৰত থাকিব লাগে।

উল্লেখ্য যে, পুদিনাৰ বহু ঔষধি গুণ থকাৰ লগতে ই বিভিন্ন খাদ্যত এক সুকীয়া আৰু অনন্য সোৱাদ যোগ দিয়ে।পিছে, আপুনি যদি কিবা গুৰুতৰ শাৰিৰীক সমস্যাত ভূগি আছে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শৰ অবিহনে পুদিনা গ্ৰহণ নকৰিব।

সাৱধান! এইসকল লোকে পুদিনা নাখাব
ঘৰত মা লক্ষ্মীৰ কেনে ফটো ৰাখিব লাগে জানেনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in