গুৱাহাটী

৮টা ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ১০ মে’ত সম্পূৰ্ণ কৰিব দ্বিতীয় বৰ্ষপূৰ্তিৰ । বৰ্ষপূৰ্তিৰ পূৰ্বেই মঙলবাৰে শংকৰদেৱ কলাক্ষেত্রত ৰাজ্য চৰকাৰৰ নেতৃত্বত বহু কেইটা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সৈতে স্বাক্ষৰিত হৈছে বুজাবুজি চুক্তি ।

ৰাজ্য খনক উদ্যোগিক ক্ষেত্ৰত অধিক আগবঢ়াই নিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উদ্যোগত ৮২০১ কোটি টকাৰ MoU চুক্তিৰ স্বাক্ষৰিত হৈছে । মঙলবাৰে মহানগৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ সমাৰোহ অনুষ্ঠিত হয় ।

এই চুক্তিতে ৯টা ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰিত কৰিছে । চুক্তি অনুসৰি পেপছিয়ে নলবাৰী জিলাত স্থাপন হ’ব উদ্যোগ, পেপছিয়ে স্নেকছ ফুডৰ উদ্যোগ স্থাপন কৰিব । টেলকম চিমেন্টে উমৰাংছুত ৪৬৫৩ কোটি ব্যয়ৰে স্থাপন কৰিব উদ্যোগ ।

ষ্টাৰ চিমেন্ট ৰাজ্যত বিনিয়োগ কৰিব ৬৪০কোটি টকা ব্যয় কৰিব । বৰুণ লিমিটেডে ১৪৪ কোটি টকা বিনিয়োগেৰে ছফ্ট ডিংকছ তৈয়াৰ কৰিব, লগতে বৰুণ গ্ৰুপে ছলাৰ পাৱাৰো নিৰ্মাণ কৰিব ৰাজ্যত ।

তাজ চিমেন্ট বিনিয়োগ কৰিব ৩৪২ কোটি টকা । ডি এছ গ্ৰুপে ইলেকট্ৰনিক সামগ্ৰী নিৰ্মাণৰ বাবে বিনিয়োগ কৰিব ১৪০ কোটিৰ ধন । আদানী গ্ৰুপৰ সৈতে AIDC ৰ বুজাবুজি চুক্তি, অসমৰ পৰা বস্তু বিদেশলৈ পঠাবৰ বাবে চুক্তি।

চুক্তি অনুসৰি আইফোন নিৰ্মাণৰ প্লাণ্টো নিৰ্মাণ কৰা হ'ব। কাজিৰঙা আৰু গুৱাহাটীত দুখনকৈ পঞ্চ তাৰকা হোটেল নিৰ্মান হব ।