অসম

নিডফি হাউচত চিন্ময় মিছনৰ বসুধৈৱ কুটুম্বকম সন্মিলন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চি টি ২০ সন্মিলনৰ অংশ হিচাপে ভাৰত চৰকাৰে সমগ্ৰ বিশ্বৰ মানুহৰ দৈনন্দিন জীৱন স্পৰ্শ কৰা আৰ্থ- সামাজিক বিষয়সমূহৰ ১৪টা কৰ্মগোট গঠন কৰে। চি-২০ শীর্ষ সম্মিলনৰ আলোচনাসমূহ নীতিৰ খচৰাৰ আকাৰত সামৰি লোৱা হ'ব আৰু সেইবোৰ অধিক আলোচনা আৰু কাৰ্যকৰীকৰণৰ বাবে অভিভাৱক সংস্থা জি-২০ক দাখিল কৰা হ'ব বুলি এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে।

১৪টা কৰ্মগোট সম্পৰ্কীয় আলোচনাৰ আঁত ধৰাৰ দায়িত্ব অর্পণ কৰা বিভিন্ন সংগঠনৰ ভিতৰত চিন্ময় মিছনক ভাৰত চৰকাৰে দায়িত্ব দিয়া গোটটো হৈছে "বসুধৈৱ কুটুম্বকম" - বিশ্ব এক পৰিয়াল। চিন্ময় মিছনে এই সন্মিলনসমূহ 'বসুধৈৱ কুটুম্বকম' কৰ্মগোটৰ অধীনত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে যে এই গোটটোৱে ৯টা বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। সেই সমূহ হৈছে ১) শিক্ষা, ২) নৈতিকতা, ৩) পৰিবেশ বিজ্ঞান/পুনৰ বিকাশ, ৪) জীৱন জীয়াৰ উপায়, ৫) কলা, সংস্কৃতি আৰু শিক্ষা, ৬) ক্রীড়া, ৭) সংবাদ মাধ্যম আৰু মনোৰঞ্জন, ৮) ব্যৱসায় আৰু অৰ্থনীতি আৰু ৯) বিশ্ব সংহতি আৰু বৰ্তমানৰ বিশ্ব সমস্যাৰ সমাধানৰ বাবে পৃথিৱীয়ে শ্ৰদ্ধা কৰা পৰম্পৰা।

আনহাতে ৰাষ্ট্ৰীয় সন্মিলনসমূহ অমৃতসৰ (পঞ্জাৱ), কলকাতা, মুম্বাই, ভূপাল, গেংটক, গুৱাহাটী, মণিপুৰ, ত্ৰিপুৰা, কোচি (কেৰেলা), বেংগালুৰু, তিৰুপতি আৰু নগালেণ্ডত অনুষ্ঠিত কৰা হৈছে । ২০২৩ চনৰ ২৭ আৰু ২৮ মে'ত তামিলনাডুৰ মহাবলীপুৰত অনুষ্ঠিত হ'বলগীয়া এই আন্ত:ৰাষ্ট্ৰীয় সন্মিলনত বিশ্বব্যাপি অংশগ্রহণ থাকিব। জানিবলৈ দিয়া মতে এই সন্মিলনত সভাপতিত্ব কৰিব বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে।

সকলো সন্মিলন সমগ্র বিশ্বতে ডিজিটেলভাৱে প্ৰচাৰ কৰা হ'ব। গুৱাহাটীৰ চিন্ময় মিছনে অহা ১২ মে' ২০২৩ত গুৱাহাটীৰ নেডফি হাউচত পুৱা ৯-৩০ বজাৰ পৰা দুপৰীয়া ২-৩০ বজালৈ চি-২০ সন্মিলন অনুষ্ঠিত কৰিব। অসমৰ আবেগক কণ্ঠস্বৰ দিয়া অসম জাতীয় সংগীতেৰে অনুষ্ঠান আৰম্ভ হ'ব বুলি উল্লেখ কৰে।

চি-২০ৰ 'বসুধৈৱ কুটুম্বকম'ৰ ৰাষ্ট্ৰীয় সমন্বয়ক স্বামী মিত্রানন্দজীয়ে ৰাম নিনজন দেশাইৰ সৈতে সম্মিলনৰ সভাপতিত্ব কৰিব। গুৱাহাটীত হ'বলগীয়া এই সন্মিলনত কলা আৰু সংস্কৃতি, শিক্ষা, ধৰ্ম আৰু উদ্যোগ আৰু বাণিজ্য বিষয়ক ৪খন অধিবেশন অনুষ্ঠিত হ'ব।

"বিশ্ব শান্তিৰ বাবে ধর্ম' উপ-বিষয় থকা ধৰ্ম বিষয়ৰ অধীনত আৰছ বিচপ এমেৰিটাৰ, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু ড° এমি ৰুমী বক্তা হিচাপে উপস্থিত থাকিব। চাহ বিৰতিৰ পিছত পৰৱৰ্তী বিষয় হ'ব কলা আৰু সংস্কৃতিৰ।

এই শিতানত উপ-বিষয় হ'ব "এক পৰিয়াল হিচাপে পৃথিৱীত ধাৰণাটোক প্ৰসাৰ কৰাত সংস্কৃতিৰ ভূমিকা"। এই শাখাত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ কলা আৰু সংস্কৃতি বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী, আই এছ এছ। অতিথি বক্তা হিচাপে লগত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শ‍ইকীয়া আৰু লেখিকা মানসী সিনহা।

ইয়াৰ পিছত "বিশ্বজনীন ভাতৃবোধৰ তদাৰকতাৰ আহিলা হিচাপে শিক্ষা" উপ-বিষয় শিক্ষাৰ শিতানত আলোচনাৰ বিষয় হ'ব। এই শাখাৰ অধীনত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অশোক পালাচেৰ। লগত থাকিব অখিল ভাৰতীয় বিদ্যা পৰিষদৰ কাঁহৰি বাৰিকাৰ আৰু ঋতুপৰ্ণ নেওগ।

"ব্যৱসায় আৰু অৰ্থনীতিত আধ্যাত্মিকতাৰ প্ৰাসংগিকতা" উপ-বিষয়ক লৈ উদ্যোগ আৰু বাণিজ্যৰ সামৰণি বিষয়টোত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য বক্তা হিচাপে উপস্থিত থাকিব। এই বিষয়ত অতিথি বক্তা হৈছে দিল্লীৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ ৰবি কাপুৰ। সন্মিলনৰ চমু সাৰাংশ আৰু শৰাইৰ পিছত সন্মিলনৰ অন্ত পৰিব আৰু তাৰ পিছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।