মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

এইক্ষেত্ৰত মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষ্যণীয় হ'ব বুলি ৰাইজে মত প্ৰকাশ কৰে
মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে বুধবাৰে অঞ্চলটোৰ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰী মাম্পী সিং দত্তৰ দুৰ্নীতি, স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে আজি মাকুম পথাৰ পঞ্চায়তৰ অধিনিস্থ আগবন্ধা বেঙ্গলী গাঁৱৰ শতাধিক বিভিন্ন চৰকাৰী আঁ‌চনীৰ পৰা বঞ্চিত হিতাধিকাৰীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

প্ৰতিবাদকাৰীসকলে লগতে পঞ্চায়ত সভানেত্ৰী মাম্পী সিং দত্তৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে। পঞ্চায়ত সভানেত্ৰী মাম্পীয়ে বিভিন্ন সময়ত পঞ্চায়ত কাৰ্য্যালয় উপস্থিত হোৱা মহিলাসকলক অভদ্ৰ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰে।

অভিযোগ অনুসৰি অৰুণোদয় আঁ‌চনী, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ, ৰেচন কাৰ্ডৰ পৰাও বঞ্চিত হ'ব লগা হৈছে গাঁৱখনৰ শতাধিক পৰিয়াল। বিশেষভাৱে সক্ষম যুৱকেও কোনো ধৰণৰ চৰকাৰী আঁ‌চনী লাভ নকৰাত আজি মাম্পী সিং দত্তৰ লগতে ১০নং ৱাৰ্ড মেম্বাৰ বিৰুদ্ধে প্ৰতিবাদী মহিলাসকলে জাঙুৰ খাই উঠে ।

সভানেত্ৰী মাম্পীক পদৰ পৰা অব্যাহতি দিয়ক অন্যথা অঞ্চলটোৰ বিজেপি দলৰ কৰ্মী সকলে দল ত্যাগ কৰাৰো হুংকাৰ প্ৰদান কৰে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত পুনৰ মাম্পী সিং দত্তক বিজেপি দলে টিকট প্ৰদান কৰিলে অন্য দলক ভোট দিয়াৰো সিদ্ধান্ত গ্ৰহণ স্থানীয় শতাধিক মহিলাৰ।

এইক্ষেত্ৰত মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষ্যণীয় হ'ব বুলি ৰাইজে মত প্ৰকাশ কৰে। কিয়নো সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে পূৰ্বেও বহু কেইটা দূৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে।

মাকুম পথাৰ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ
গুজৰাটৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫জনকৈ লোকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in