/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8f32b694-f427-43a6-8aef-a9ad3e82db55/ranjan_gogoi.jpg)
ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ নৱেম্বৰৰ ৬ তাৰিখে অসমৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক প্ৰতিষ্ঠানত অনুষ্ঠিত এক সভাত সৰ্বমুঠ ২৭ গৰাকী মেধাৱী অথচ আৰ্থিক ভাৱে দুৰ্বল শিক্ষাৰ্থীলৈ স্ক'লাৰশ্বিপ আগবঢ়াই ৰাজ্যসভাৰ সাংসদ তথা দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ।
আমিনগাওঁ স্থিত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সভাকক্ষত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভা খনিত ৰাজ্যখনৰ কেইবা গৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শিক্ষাৰ্থী সকলক প্ৰদান কৰা হয় স্ক'লাৰশ্বিপ ।
উল্লেখ্য যে, কেৱল ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়েই নহয় বৰং ৰাজ্যখনৰ আন আন আইন মহাবিদ্যালয়ৰো বহু কেইজন শিক্ষাৰ্থীক সামৰি লয় এই স্ক'লাৰশ্বিপ প্ৰদানৰ কাৰ্যসূচীয়ে ।