বিধ্বস্ত গড়কাপ্তানি পথে উদঙাইছে প্রমোদ বড়ো চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

পৰ্বতঝোৰাৰ এটা বিধ্বস্ত গড়কাপ্তানি পথ। প্ৰায় ১০কিলোমিটাৰ ৰাস্তাৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাৰ লগতে এজাক বৰষুণতেই পুখুৰী সদৃশ পানীৰে উপচি পৰে পথটো।

author-image
Asomiya Pratidin
New Update
বিধ্বস্ত পথ

বিধ্বস্ত পথ

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা টিপকাইৰ পৰা গোঁসাইগাঁও সংযোগী পথটো লোকনিৰ্মাণ বিভাগৰ অকৰ্মণ্যতা আৰু প্রমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ উদাসীনতাৰ বাবে বছৰ বছৰ ধৰি পথচোৱা মেৰামতি নোহোৱাকৈ আছে। ফলত বিধ্বস্ত হৈ পৰিছে পথটো। প্ৰায় ১০কিলোমিটাৰ ৰাস্তাৰ ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত হোৱাৰ লগতে এজাক বৰষুণতেই পুখুৰী সদৃশ পানীৰে উপচি পৰে পথটো।

Advertisment

যাৰফলত স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, গৰ্ভৱতী মহিলা বা ৰোগী সকলোক চিকিৎসালয়লৈ যোৱাৰ লগতে সৰ্ব সাধাৰণ ৰাইজে এই পথ চোৱাৰে যাতায়তৰ বাবে যমৰ যন্ত্ৰণা ভুগিব লগা হৈছে। পথচোৱা নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে সাধাৰণ ৰাইজে।

পৰ্বতঝোৰা