বাইহাটাত পথ দুৰ্ঘটনাঃ বিহুৰ ভোজখাই ঘৰলৈ উভতাৰ পথত নিহত দুজন…

বাইহাটাত পথ দুৰ্ঘটনাঃ বিহুৰ ভোজখাই ঘৰলৈ উভতাৰ পথত নিহত দুজন…

author-image
asomiyapratidin
New Update
শিথিল কৰা হ’ল উৰুকাৰ নিশাৰ সান্ধ্য আইনঃ চাওঁক সান্ধ্য আইনৰ নতুন সময়….

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ভোগালী বিহুৰ আনন্দ উলাহৰ মাজতে কেইবা ঠাইতো সংঘটিত হৈছে পথ দুৰ্ঘটনা। বাইহাটা চাৰিআলিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত শুকুৰবাৰে নিশা নিহত হ'ল দুজন বাইক আৰোহী। জানিব পৰা মতে বাইক আৰোহী দুয়োজনেই বিহুৰ ভোজ খাই গৈ থকাৰ অৱস্থাতে এখন ট্ৰাকে বাইকখনক মহতিয়াই নিয়ে। ফলত বাইকখনত থকা দুয়োজনৰে মৃত্যু হয়।

Advertisment

মৃত্যু হোৱা বাইক চালক আৰু আৰোহীজনৰ নাম ছাহিদ আলী আৰু মাফিকুল আহমেদ। ইয়াৰে ছাহিদ আলীৰ ঘৰ দৰঙত আৰু মফিকুলৰ ঘৰ কমলপুৰত বুলি জানিব পৰা গৈছে। আনহাতে পহিলা মাঘৰ দিনাও ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু হৈছে কেইবাজনো লোক।