/asomiyapratidin/media/media_files/2025/05/19/NKiBPAOBSXLr8GVoLlKI.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ বিৰতিৰ কোনো নিৰ্দিষ্ট সীমা নাই। যুদ্ধ বিৰতি চুক্তি সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব পাকিস্তানৰ সেনাৰ আচৰণৰ ওপৰত। যোৱা ৭ মে’ত আৰম্ভ হোৱা ভাৰত-পাকিস্তানৰ মাজৰ সামৰিক সংঘৰ্ষৰ পিছত ১০ মে’ৰ বিয়লি প্ৰায় ৫ বজাৰ দুয়ো পক্ষই যুদ্ধ বিৰতিৰ বুজাবুজিত উপনীত হৈছিল।
তাৰ পৰৱৰ্তী সময়ত ১২ মে’ত পুনৰ ভাৰত আৰু পাকিস্তানৰ সেনাৰ ডিজিএমঅ’ৰ মাজত পুনৰ আলোচনাৰ জৰিয়তে সামৰিক সংঘাতৰ পৰা আঁতৰি থকাৰ বুজাবুজিত উপনীত হৈছিল। সেই অনুসৰিয়েই সীমান্তত স্থিতিস্থাপকতা বজাই ৰখা হৈছে যদিও এই যুদ্ধ বিৰতি সন্দৰ্ভত শেহতীয়াকৈ পুনৰ বিভিন্ন বিভ্ৰান্তিমূলক বাতৰি প্ৰকাশ পাইছে।
তাৰ মাজতেই ভাৰতীয় সেনাৰ পৰা জাৰি কৰা এক বিবৃতিত স্পষ্ট কৰি দিয়া হৈছে পাকিস্তানৰে হোৱা বুজাবুজিৰ কোনো নিৰ্দিষ্ট ম্যাদ নাই। ১২ মে’ৰ ডিজিএমঅ’ৰ আলোচনাত সিদ্ধান্ত লোৱাৰ দৰে ইয়াৰ কোনো ম্যাদ অন্ত পৰাৰ সময়সীমা নাই। ১০ মে’ৰ যুদ্ধবিৰতিৰ ভাগ্য পাকিস্তানৰ আচৰণৰ ওপৰত নিৰ্ভৰ কৰিব।
দুয়ো পক্ষৰ মাজত পুনৰ ডিজিএমঅ’ পৰ্যায়ত আলোচনা হোৱাৰ সম্ভাৱনাক অস্বীকাৰ কৰি সেনাই স্পষ্ট কৰিছে। উল্লেখ্য যে, পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক দাৰে ১০ মে’ৰ যুদ্ধবিৰতি ১৮ মে’লৈকে বৃদ্ধি কৰা বুলি কোৱাৰ কেইঘণ্টামানৰ পাছত ১৫ মে’ত ভাৰতীয় সেনাই স্পষ্ট কৰি দিয়ে যে, পাকিস্তান সীমান্তত ভাৰতে CBMs বৃদ্ধি কৰিব।
উল্লেখ্য যে, ২২ এপ্ৰিলত কাশ্মীৰৰ পেহেলগামৰ বৈছাৰণ উপ্যতকাত পাক মদদপুষ্ট সন্ত্ৰাসবাদীয়ে পৰ্যটকসহ ২৬ গৰাকী লোকক হত্যা কৰাৰ পিছত ভাৰতে ৭ মে’ত অপাৰেচন সিন্দূৰ আৰম্ভ কৰিছিল। এই অভিযানৰ জৰিয়তে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰাৰ সমান্তৰালকৈ পাকিস্তান সেনাৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত হৈছিল।
দুয়ো দেশৰ মাজত সৃষ্টি হোৱা যুদ্ধ উত্তেজনাৰ মাজতে ১০ মে’ৰ সন্ধিয়া ভাৰতৰ ডিজিএমঅ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু পাকিস্তানৰ ডিজিএমঅ’ মেজৰ জেনেৰেল কাচিফ আব্দুল্লাই হটলাইনৰ জৰিয়তে আলোচনাত মিলিত হৈ স্থল, জল আৰু আকাশ এই তিনিওটা মাধ্যমতে সামৰিক কাৰ্যকলাপ বন্ধ কৰিবলৈ সন্মত হয়।
তাৰ পিছত ১২ মে’ত পুনৰ দুয়ো পক্ষ আলোচনাত মিলিত হয়। এই আলোচনাৰ সময়তে ১০ মে’ৰ আলোচনাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।তাৰোপৰি সীমান্তৰ পৰা সেনা হ্ৰাস কৰাৰ কথাও বিবেচনাৰ বাবে সহমতত উপনীত হয়।
তাৰ পিছত যোৱা ১৬ মে’ত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইছলামবাদক সকীয়াই দি কয় যে, পাকিস্তানৰ আচৰণ উন্নত হ’লে ঠিকেই আছে;কিন্তু কিবা অশান্তি হ’লে কঠোৰতম শাস্তি দিয়া হ’ব। তেওঁ অপাৰেচন সিন্দূৰ কেৱল এক ট্ৰেইলাৰ আছিল বুলি উল্লেখ কৰি কয়, ‘আমাৰ এই কাৰ্য্য কেৱল এটা ট্ৰেইলাৰ আছিল, প্ৰয়োজন হ’লে আমি সম্পূৰ্ণ ছবিখন দেখুৱাম। সন্ত্ৰাসবাদক আক্ৰমণ আৰু নিৰ্মূল কৰাটো নতুন ভাৰতৰ নতুন স্বভাৱ।’