বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰিব বাংলাদেশৰ একমাত্ৰ নবেল বিজয়ী অধ্যাপক মহম্মদ ইউনুছে...
বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰিব বাংলাদেশৰ একমাত্ৰ নবেল বিজয়ী অধ্যাপক মহম্মদ ইউনুছে... 
অসম

বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰিব বাংলাদেশৰ একমাত্ৰ নবেল বিজয়ী অধ্যাপক মহম্মদ ইউনুছে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰিব বাংলাদেশৰ একমাত্ৰ নবেল বঁটা বিজয়ী অধ্যাপক মহম্মদ ইউনুছে। উল্লেখ্য যে ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ অনুষ্ঠিত হ'ব এই মহোৎসৱ।

দৰিদ্ৰ লোকসকলৰ বাবে বেংকাৰ হিচাপে ব্যাপকভাৱে প্ৰশংসিত অধ্যাপক ইউনুছে বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে আয়োজিত এই অনন্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰিব। বড়োলেণ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া চাৰিদিনীয়া উৎসৱৰ বিষয় ভিত্তিক ক্ষেত্ৰসমূহৰ ভিতৰত আছে বিজ্ঞান আৰু প্ৰযুক্তি, জীৱিকা, খিলঞ্জীয়া জ্ঞান প্ৰণালী, লিংগ সশক্তিকৰণ, শিশু অধিকাৰ আৰু সুৰক্ষা, শান্তি নিৰ্মাণ, সুশাসন, মানৱ অধিকাৰ, বহনক্ষম কৃষি, যুৱ উদ্যোগ, বৌদ্ধিক সম্পত্তিঅধিকাৰ, গুণগত সম্পত্তি অধিকাৰ, গুণগত শিক্ষা, জলবায়ু ন্যায় আৰু কাৰ্য, স্বাস্থ্য আৰু কল্যাণ, কলা আৰু সংস্কৃতি, যোগাযোগ আৰু মাধ্যম ইত্যাদি।

শান্তিৰ নবেল বঁটাৰে সন্মানিত হোৱা অধ্যাপক ইউনুছে কেইদশকমান আগতে কোনো ধৰণৰ জামানত অবিহনে মহিলা ঋণ লওঁতাসকলক ক্ষুদ্ৰ ঋণৰ ধাৰণা কৰিছিল। মৃদুভাষী ভদ্ৰলোকজনক এজন বিপ্লৱী অৰ্থনীতিবিদ হিচাপে স্বীকৃতি দিয়া হৈছে।

এসময়ত চিটাগং বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ইউনুছে বহু কেইখন মূল্যৱান গ্ৰন্থও ৰচনা কৰিছে। তেওঁ শান্তিৰ নবেলৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ স্বাধীনতা পদককে ধৰি আন কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে পুৰস্কৃত হৈছে।