নগাঁৱৰ বামুণীত ২৭৩ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ চেক বিতৰণ...

আর্থিকভাৱে বিপৰ্যস্ত পৰিয়ালৰ ৰোগাক্ৰান্ত ব্যক্তিৰ উন্নত চিকিৎসা প্ৰদান, প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াল আদিলৈ "মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজি আঁচনি"ৰ চেক বিতৰণ...

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ বামুণীত ২৭৩ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ চেক বিতৰণ...

ডিজিটেল সংবাদ, বঢ়মপুৰ : আর্থিকভাৱে বিপৰ্যস্ত পৰিয়ালৰ ৰোগাক্ৰান্ত ব্যক্তিৰ উন্নত চিকিৎসা প্ৰদান, প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াল আৰু দৰিদ্ৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ বাবে সহায়ক হোৱাকৈ গঠিত "মুখ্যমন্ত্ৰী সাহায্য পুঁজি আঁচনি"ৰে বঢ়মপুৰ বিধানসভা সমষ্টিৰ শুকুৰবাৰে দুই শতাধিক ব্যক্তিক উপকৃত কৰা হয়।

Advertisment

এই সন্দৰ্ভত বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও অঞ্চলৰ মুঠ ২৭৩ গৰাকী ব্যক্তিক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় । মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ অধীনত সমষ্টিটোৰ কেইবাটাও অঞ্চলৰ দুই শতাধিক ৰোগাক্ৰান্তই মুখ্যমন্ত্ৰী সাহাৰ্য আঁচনিৰ অৰ্থ বিচাৰি বিধিগতভাবে আবেদন কৰিছিল।

সেই অনুক্ৰমে সমষ্টিটোৰ মুঠ ২৭৩ গৰাকী ব্যক্তিলৈ শুকুৰবাৰে "মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁ‌জি"ৰ অধীনত অৰ্থ সাহাৰ্যৰ চেক প্ৰদান কৰা হয় । এই সন্দৰ্ভত নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী বামুণী সাৰ্বজনীন দুৰ্গামন্দিৰ প্ৰাংগণত এক পুঁজি বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।

বিজেপিৰ বহুকেইগৰাকী দলীয় নেতৃবৰ্গ উপস্থিত থকা সাহাৰ্য বিতৰণ অনুষ্ঠানত আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ আত্মীয়ৰ হাতত বিধায়ক জিতু গোস্বামীয়ে সাহাৰ্য আঁচনিৰ ধনৰ চেক প্ৰদান কৰে । বিধায়ক গোস্বামীয়ে আনুষ্ঠানিক ভাৱে চেক প্ৰদান কৰি ৰোগাক্ৰান্ত ব্যক্তিসকলৰ আশু আৰোগ্য কামনা কৰে ।

Also Read: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে অসম সাহিত্য সভাৰ বিশেষ আহ্বান...

GOVT OF ASSAM