ঢকুৱাখনাত "মোৰ মাটি, মোৰ দেশ" উদযাপন...

ঢকুৱাখনাত "মোৰ মাটি  মোৰ দেশ" উদযাপন...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত "মোৰ মাটি, মোৰ দেশ" উদযাপন...

ঢকুৱাখনাত "মোৰ মাটি  মোৰ দেশ" উদযাপন...

ডিজিটেল সংবাদ ঢকুৱাখনা:  স্বাধীনতাৰ ৭৭ সংখ্যক অমৃত মহোৎসৱৰ সতে ৰজিতা খুৱাই সোমবাৰে ঢকুৱাখনা পৌৰসভাৰ উদ্যোগত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ঢকুৱাখনা পৌৰসভাৰ উদ্যোগত এই কাৰ্যসূচীৰ অন্যতম অংশ হিচাপে নগৰৰ চাউৰেক গাঁওৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত দেশ মাতৃৰ অস্তিত্ব ৰক্ষাৰ বাবে প্রাণ আহুতি দিয়া মহান বীৰ যোদ্ধা আৰু সৈনিকসকলৰ অৱদানক শ্ৰদ্ধাশীল স্মৰণ কৰা হয় ।

Advertisment

ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে, ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া কাৰ্ত্তিক কলিতা, বিজেপি নেতা বসন্ত শইকীয়া, যতীন বৰুৱা, জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, পৌৰপতি ৰাজীৱ দাস আদি গৰিষ্ঠ সংখ্যক বিশিষ্ট নাগৰিক উপস্থিতিত থকা জয়সাগৰৰ অমৃত সৰোবৰত "মোৰ মাটি মোৰ দেশ"শীৰ্ষক সাৰ্বজনীন কাৰ্যসূচীৰ অংশ অংশ হিচাবে সৰোবৰ প্ৰাঙ্গনত গছপুলি ৰোপন কৰাৰ  লগতে "পঞ্চসূত্ৰ"ৰ শপত বাক্য পাঠ  কৰা হয় ।

বিজেপিৰ বিষয়ববীয়া বিষ্ণু দত্তই আঁতধৰা এই সন্দৰ্ভত অনুষ্ঠিত সভাত এই গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সন্দৰ্ভত বিস্তৃত বক্তব্য আগবঢ়াই মহকুমাধিপতি কাৰ্ত্তিক কলিতা , বিধায়ক নৱ দলে ,জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা আদিয়ে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতেই দেশ মাতৃৰ স্বাভিমান আৰু অখণ্ডতা ৰক্ষাৰ হকে আত্ম বলিদান দিয়া বীৰ যোদ্ধা সকলৰ উপৰিও পৌৰসভাৰ অন্তৰ্গত মুক্তিযুদ্ধাসকলৰ আত্মীয় স্বজনসকলক কৃতজ্ঞতাসূচক ফলক আৰু ফুলাম গামোচাৰে মান্যতা প্ৰদান কৰি  সশ্ৰদ্ধ স্মৰণ কৰা হয়।

Also Read: ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণৰ খবৰঃ কেনে আছে স্বাধীনতা সংগ্ৰামী নবীন কৰণ...

ঢকুৱাখনা নৱ কুমাৰ দলে