খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা আৰু কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত আলোচনা

খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা আৰু কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত আলোচনা

author-image
Asomiya Pratidin
New Update
খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা আৰু কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত আলোচনা

ডিজিটেল সংবাদ, হাওৰাঘাট: সোমবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ লগত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা)ৰ কেন্দ্ৰীয় বিষয়ববীয়া সকলৰ মাজত বিভিন্ন দাবী কাৰ্যকৰী কৰণৰ ওপৰত আলোচনা সমাপন হয়।

Advertisment

আলোচনাৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা কাৰ্বি মাতৃভাষাক অষ্টম শ্ৰেণীলৈকে আৰু তিৱা মাতৃভাষাক পঞ্চম শ্ৰেণীলৈকে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতি - ২০২০ আধাৰত প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰাৰ বাবে কাৰ্যবাহী পৰিষদত সিদ্ধান্ত গ্ৰহণ কৰি অসম চৰকাৰৰ ওচৰত প্ৰস্তাৱ প্ৰেৰণ কৰা বাবে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম ( ইটছা)ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয়। লগতে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ৰ আঞ্চলিক কাৰ্যালয় স্থাপনৰ বাবে ডিফু চহৰৰ ভিতৰত ১০ বিঘা ভূমি আৱন্টন দিয়াৰ বিষয়ে আলোচনা কৰা হয়।

আলোচনাৰ সময়ত মুখ্য কাৰ্যবাহী সদস্যই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বিভাগৰ জৰিয়তে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰোপৰি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম ( ইটছা)ৰ তৰফৰ পৰা বহুভাষিক অভিধান সম্পাদনাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা ১০ লাখ টকা আৰ্থিক অনুদান দিয়াৰ বাবে আবেদন পত্ৰ প্ৰদান কৰা হয়।

আলোচনাৰ সময়ত মুখ্য কাৰ্যবাহী সদস্যই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা আৰ্থিক অনুদান দিয়াৰ বাবে আশ্বাস দিয়ে। আলোচনাৰ সময়ত মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য উইফিং মাছলাই, কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবি, কাৰ্যবাহী সদস্য লুনছিং ৱটেৰণ, সাধাৰণ সদস্য ড০ মংৱেই ৰংপি, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) ৰ সভাপতি গোবিন্দ টাইদ, সম্পাদক প্ৰধান কমলাকান্ত মুছাহাৰী, সম্পাদক যোগেশ্বৰ বৰদলৈ, সম্পাদক ডিম্বেশ্বৰ দলে, দেউৰী সাহিত্য সভাৰ সভাপতি ড০ ষড়াণন দেউৰী, কাৰ্বি সাহিত্য সভাৰ সাধাৰণ সম্পাদক জয়সিং টকবিয়েও উপস্থিত থাকে।

Also Read: ৭০ হাজাৰ টকাত নিজ সন্তানক বিক্ৰীৰ চেষ্টা কৰি আটক দম্পতী

কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা