জামুগুৰিহাটত দুৰ্গা প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎ শিল্পীসকল

জামুগুৰিহাটত দুৰ্গা প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎ শিল্পীসকল

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত দুৰ্গা প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎ শিল্পীসকল

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শাৰদীয় দুৰ্গোৎসৱৰ দিন চমু চাপি অহাৰ লগেই ব্যস্ততা বাঢ়িছে মৃৎ শিল্পী সকলৰ ।জামুগুৰিহাটতো দুৰ্গোৎসৱক লৈ মৃৎ শিল্পীসকলৰ ব্যস্ততাৰ অন্ত নাই ।

Advertisment

শাৰদীয় দুৰ্গোৎসৱলৈ সন্মুখত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতো দিন ৰাতি কথোৰ পৰিশ্ৰম কৰি এতিয়া প্ৰতিমা নিৰ্মাণত ব্যস্ত জামুগুৰিহাটৰ মৃৎ শিল্পীসকল ।জামুগুৰিহাটৰ মৃৎ শিল্পীয়ে নিৰ্মাণ কৰা প্ৰতিমা তেজপুৰ, বিশ্বনাথ চাৰিআলিৰ লগতে নিয়া হ'ব চুবুৰীয়া ৰাজ্য আৰুণাচল প্ৰদেশলৈও ।

জামুগুৰিহাটৰ ১০ খনৰো অধিক মৃৎ শিল্পালয়ৰ লগতে “ মা মনসা শিল্পালয়ৰ” মৃতশিল্পী সকলো এতিয়া প্ৰতিমা নিৰ্মাণত দিনে নিশাই ব্যস্ত থাকি প্ৰতিমা সমূহৰ শেষ পৰশত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ।প্ৰতিমা নিৰ্মাণত ব্যস্ত থকা খনিকৰ সকলৰো আশা- শাৰদীয় দুৰ্গোসৱে সকলৰো মুখলৈ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব ।

Also Read: ৬৫,০০০ টকাত পিতৃয়ে বিক্ৰী কৰা পুত্ৰক উদ্ধাৰ ঘিলামৰা আৰক্ষীৰ