ধেমাজিত ঝুমইৰ বিনন্দিনীৰ শিল্পীসকলক সম্বৰ্ধনা...

ধেমাজি সমষ্টিৰ বিভিন্ন স্থানৰ পৰা অহা ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণকাৰী শিল্পী সকলক আৰম্ভণিতে মন্ত্ৰী ৰণোজ পেগুৱে একোখনকৈ ফুলাম গামোছা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায় ৷

author-image
Asomiya Pratidin
New Update
ssasa

ডিজিটেল সংবাদ,ধেমাজি:  ধেমাজি জনজাতি জিৰণি চ'ৰাত শুকুৰবাৰে শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৰ তত্বাৱধানত ঝুমইৰ বিনন্দিনী শিল্পী সকলক সম্বৰ্ধনা জনোৱা হয় ৷ ধেমাজি সমষ্টিৰ বিভিন্ন স্থানৰ পৰা অহা ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণকাৰী শিল্পী সকলক আৰম্ভণিতে মন্ত্ৰী পেগুৱে একোখনকৈ ফুলাম গামোছা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায় ৷

Advertisment

উল্লেখ্য যে, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা ঝুমইৰ বিনন্দিনী সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ প্ৰায় ৯ হাজাৰ শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। ধেমাজি সমষ্টিৰ পৰাও ৬০ গৰাকীকৈ শিল্পীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷

 শুকুৰবাৰে অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী অংশগ্ৰহণকাৰীৰ পৰিচয় ক’ত কেনেধৰণে ব্যস্ত সেয়াও অৱগত হয় মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী পেগুৱে বক্তব্যত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী আঁচনি সমূহৰ সুবিধা ল'বলৈ আহ্বান জনাই শিল্পী আৰু ছাত্ৰ-ছাত্ৰী সকলক ৷

অনুষ্ঠানত ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ, ধেমাজি পৌৰ সভাৰ উপ-সভাপতি   বিপ্লৱ কোঁৱৰ, ধেমাজি-১ জিলা পৰিষদৰ সদস্য লক্ষীধৰ শেনচোৱা, বিজেপি নগৰ মণ্ডলৰ সভাপতি বলীন গগৈ, ধেমাজি সমন্বিত জনজাতি উন্নয়ন পৰিষদৰ সভাপতি জীৱন পায়েং প্ৰমুখ্যে বহু কেইগৰাকী লোকে উপস্থিত থাকে ৷

শিক্ষামন্ত্ৰী ৰণোজ পেগু ধেমাজি