/asomiyapratidin/media/media_files/2025/05/30/AhY7eFbsLHIJvqNSCU5P.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ শিৱসাগৰত ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰ চহৰৰ জনজাতি জিৰণি ঘৰ প্ৰেক্ষাগৃহত ৰাইজৰ দলে অনুষ্ঠিত কৰে এই যোগদান কাৰ্যসূচী।
শিৱসাগৰৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত শাসক দল বিজেপি, বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদৰ লগত বিৰোধী কংগ্ৰেছৰ পৰা ডেৰ শতাধিক বিষয়ববীয়া আৰু তৃণমূল কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে ৷
ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক মুজিদ আলীয়ে যোগদান অনুষ্ঠানটোৰ আঁত ধৰি যোগদান কৰা সকলোৰ ৰাজনৈতিক পৃষ্ঠভূমিৰ ওপৰত ব্যাখ্যা কৰে। দলটোৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈয়ে ৰাইজৰ দলত যোগদান কৰা সকলোকে দলীয় প্ৰতীক চিহ্ন পিন্ধাই দলটোলৈ আদৰণি জনায়।
আজিৰ এই যোগদান কাৰ্যসূচীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অনুপ বৰপাত্ৰগোহাঁই, সম্পাদক বিজিত দত্ত, সহকাৰী সম্পাদক দাদুল আলী, মুখপাত্ৰ টি. এন প্ৰাণ, শিৱসাগৰ জিলা সম্পাদক পল্লৱ গগৈ, শিৱসাগৰ বিধানসভা সমষ্টিৰ সভাপতি জিতু জ্যোতি গায়ন, সম্পাদক আব্দুল আজিজ, নাৰী বাহিনী শিৱসাগৰ জিলা সমিতিৰ সভানেত্ৰী ৰীতা বড়া ফুকনৰ লগতে বহু কেইগৰাকী ৰাইজৰ দলৰ বিষয়ববীয়া উপস্থিত থাকে।