প্ৰশ্নকাকত ফাদিলঃ তদন্তৰ বাবে ডিব্ৰুগড়ত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং
প্ৰশ্নকাকত ফাদিলঃ তদন্তৰ বাবে ডিব্ৰুগড়ত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং 
ডিব্ৰুগড়

প্ৰশ্নকাকত ফাদিলঃ তদন্তৰ বাবে ডিব্ৰুগড়ত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

Asomiya Pratidin

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলকলৈ অব্যাহত আছে তদন্ত ৷ বহু জিলাৰ পৰা আৰক্ষীয়ে আটক কৰিছে বহু কেইজন অভিযুক্তক ৷ প্ৰশ্ন কাকত ফাদিলক লৈ মঙলবাৰে নিশা পুনৰ লখিমপুৰৰ পানীগাওৰ পৰা এজন ছাত্ৰক আটক কৰিছে আৰক্ষীয়ে ৷

ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ পৰা আৰক্ষীয়ে ছল্ট বুক একাডেমাৰ পৰা বহু কেইজন ছাত্ৰক ইতিমধ্যই আৰক্ষীয়ে আটক কৰিছে । প্ৰশ্ন কাকত ফাদিলক লৈ CIDয়ে উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে ৷

ইয়াৰ মাজতে বুধবাৰে ডিব্ৰুগড়ত উপস্থিত হৈছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ উজনি অসমৰ বহুকেইখন জিলাৰ আৰক্ষী অধীক্ষকৰে বৈঠক বহিব আৰক্ষী সঞ্চালক প্ৰধানগৰাকী৷ প্ৰশ্নকাকত ফাদিলৰ সমষ্ট ঘটনাৰ তদন্তৰ বুজ ল’ব সঞ্চালক প্ৰধানগৰাকীয়ে ৷