ক'ভিদৰ পিছত প্ৰথমবাৰৰ বাবে বিদেশী পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হ'ব চীন

 ক'ভিদৰ পিছত প্ৰথমবাৰৰ বাবে বিদেশী পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হ'ব চীন

ডিজিটেল ডেস্ক : ক'ভিডৰ বাবে জৰুৰীকালীন পৰিস্থিতিৰ বাবে তিনি বছৰ পাছত বিদেশী পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হ'ব চীন । ইতিমধ্যে সকলো ধৰণৰ ভিছাৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে চীনৰ চৰকাৰে ।

বিগত মাহত ক'ভিডৰ বিৰুদ্ধে জয় লাভ কৰা বুলি কৰা ঘোষণাৰ পাছতেই ১৫ মাৰ্চ, সোমবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাষ্ট্ৰখনে । অৱশ্যে অনাগত দিনসমূহত পৰ্যটকৰ পৰা বৰ বেছি লাভ আশা কৰা নাই চৰকাৰখনে । ২০১৯ বৰ্ষত চীনৰ জিডিপিৰ মাত্ৰ ০.৯ শতাংশ অনুদান হে পৰ্যটন বিভাগৰ পৰা আহিছিল । কিছু সময় পাছত হয়তো এই পৰিসংখ্যা বৃদ্ধি পাব পাৰে ।

যাৰ বাবে এতিয়া চৰকাৰে ৰাষ্ট্ৰখনত দ্বিপাক্ষিক পৰ্যটনৰ বাবে বেইজিঙক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । এই দ্বিপাক্ষিক পৰ্যটন হ'ব বিদেশী পৰ্যটকৰ চীন ভ্ৰমণ আৰু চীনৰ নাগৰিকৰ অন্য দেশলৈ ভ্ৰমণ ।

উল্লেখ্য যে, চীনৰ বহু অংশত প্ৰৱেশ কৰিবৰ বাবে এতিয়াও প্ৰয়োজন নহয় ভিছাৰ । যেনে, হাইনান প্ৰদেশৰ দক্ষিণ অঞ্চল ।

কিন্তু ইয়াৰ সৈতেই উত্থাপন হোৱা গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে, সচাকৈ ক'ভিডকালীন পৰিস্থিতি শেষ হৈছে নে চীনত ? নে আকৌ গা কৰি উঠিব পাৰে ভৱিষ্যতলৈ । তেনে হ'লে পৰ্যটকসকলেই যে এই ভাইৰাছ অন্য প্ৰান্তলৈ বহন কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিব সেইয়া নিশ্চিত ।

 ক'ভিদৰ পিছত প্ৰথমবাৰৰ বাবে বিদেশী পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হ'ব চীন
বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট! ৰাজ্যত হ'ব প্ৰৱল বৃষ্টিপাত, ধুমুহা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in