/asomiyapratidin/media/media_files/2025/05/25/Ovu5x8CYsdfMQJUdYrFl.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ নগাঁৱৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা দুটাকৈ পথ দুৰ্ঘটনাত নিহত হয় ৩ জনকৈ লোক ৷ কঠিয়াতলী ৰেংবেঙত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী পালচাৰ বাইকৰ ৷
থিতাতে নিহত দুই বাইক আৰোহী ৷ নিহত দুই বাইক ডৱকা চাংমাজিৰ উৎপল তকবি আৰু হেমৰিন টেৰণ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ ইফালে ৰাঙলুত গাড়ী ৰখাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ বজাৰ কৰিব যাওঁতেই তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে এজন চালকক ৷ থিতাতে নিহত হয় চালকজন ৷ এই পৰ্যন্ত চালক জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷