/asomiyapratidin/media/media_files/2025/05/25/KZH9ntIaJI3jMqRpch0f.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ আদৰ্শ বিদ্যালয় সংগঠন অসমৰ এক সপোনৰ শৈক্ষিক প্ৰকল্পক লখিমপুৰ জিলাত দুৰ্নীতি অনিয়মৰ ভুস্বৰ্গলৈ পতিত কৰিছে এজন দুৰ্নীতিগ্ৰস্ত অধ্যক্ষই। লক্ষজিৎ হাজৰিকা নামৰ এইজন অধ্যক্ষই ঘিলামৰাত অৱস্থিত এইখন চি বি এছ ই পাঠ্যক্ৰমৰ ৰাজ্য চৰকাৰৰ আদৰ্শ বিদ্যালয়ক অবৈধ আৰু বিত্তীয় অনিয়মৰ ৰম্যভূমি গণ্য কৰি দৌৰাত্ম্য চলাই অহাৰ ৰাজহুৱা অভিযোগ অতি পুৰণি।
আদৰ্শ বিদ্যালয় সংগঠন অসমৰ সকলো নীতি নিয়ম জলাঞ্জলি দি নিজৰ মইমতালিৰে বিদ্যালয়খন পৰিচালনা কৰি অহা চতুৰ অধ্যক্ষ হাজৰিকাৰ দুৰ্নীতিগ্ৰস্ত অধিক দুষ্কাৰ্য পোহৰলৈ আহিছে। তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে সংগৃহীত তথ্য মতে বিদ্যালয়খনৰ উন্নয়ন সমিতিৰ নামটো ভয়ংকৰ বিত্তীয় অনিয়ম সংঘটিত কৰিছে এইজন মতলবী অধ্যক্ষই।
প্ৰাপ্ত তথ্য মতে বিদ্যালয়ৰ সংগৃহীত পুঁজি পাঞ্জাৱ নেচনেল বেংকৰ ঘিলামৰা শাখাৰ 0633200100015177 নং একাউণ্টত জমা ৰাখিব লাগে। বিদ্যালয়খনৰ নিযুক্ত গাননিকৰ জৰিয়তে এই পুঁজি সংশ্লিষ্ট বেংকত জমা ৰাখিব লাগে। কিন্তু গাননিকৰ পৰা উক্ত সংগৃহীত পুঁজি কুক্ষীগত কৰি ৰাখি জমাকৃত পুঁজি বেংকত জমা নিদি নিজে ব্যক্তিগত কামত ব্যৱহাৰ কৰি থাকে অধ্যক্ষই।
আৰ টি আই তথ্যত উপলব্ধ তথ্য অনুসৰি এই বিদ্যালয় উন্নয়ন পুঁজিৰ জমাকৃত মুঠ ৪৮ হাজাৰ ৯৬০ টকা যোৱা ২০২৩ চনৰ ২৮ ছেপ্টেম্বৰ,১৪ নৱেম্বৰ,২০ডিচেম্বৰ আৰু ২০২৪ চনৰ ৩১ জানুৱাৰীত নিজ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি লৈছিল।
তাৎপৰ্যপূৰ্ণ দিশটো হ'ল এই পুঁজিৰ কোনো হিচাব নাই অদ্যপি। এনেদৰে ২০২৩-২০২৪ চন আৰু ২০২৪-২০২৫ চনৰ বিদ্যালয় উন্নয়ন পুঁজি ৯৩ হাজাৰ ৮০০ টকা নিজে ব্যৱহাৰ কৰাৰ তথ্য উন্মোচিত হৈছে তথ্য জনাৰ অধিকাৰ আইনৰ তথ্যত।
কেৱল শিক্ষাৰ্থীৰ পৰা সংগৃহীত মাহিলি মাছুলৰ পুঁজিয়ে নহয়, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ কণ্টিজেঞ্চিৰ শিতানৰ ২৫ হাজাৰ টকা নিজৰ একাউন্টত যোৱা ২০২৪ চনৰ ১৩ মে' ভৰাই লৈ ব্যয়ৰ ভাউচাৰ জমা দিয়া নাই বিদ্যালয়ত।
সমান্তৰালভাৱে উত্থাপন হৈছে অন্য এক দুৰ্নীতিৰ অভিযোগ ।বিদ্যালয়ৰ সংগীতৰ বাদ্যযন্ত্ৰ ক্ৰয়ৰ বাবে অভিভাৱকক বিদ্যালয়লৈ শিক্ষাৰ্থীৰ ওপৰত অভিযোগ দিবলৈ মাতি নি চতুৰ অধ্যক্ষজনে অভিভাৱকৰ পৰা বৃহৎ পৰিমাণৰ পুঁজি সংগ্ৰহ কৰিছিল। কিন্তু এই সংগৃহীত পুঁজিৰ আয় ব্যয়ৰ কোনো হিচাব নাই। তদ্ৰুপ ভাবে বিদ্যাঞ্জলীৰ অনুষ্ঠানৰ সামগ্ৰীৰো হিচাব বিদ্যালয়ত নাই বুলি অভিভাবকৰ মুখেৰে জনা গ'ল।
বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সমসাজ যোগানৰ ৮৬ হাজাৰ ১৩৬ টকা আৰু বাৰ্ষিক ক্ৰীড়াৰ পুঁজি বিপৰীতে ২৫ হাজাৰ টকা সুদূৰ বিশ্বনাথ চাৰিআলিৰ ৰাজেন ঋষি ষ্ট'ৰৰ নামত আদায় দিলে ২৫ মাৰ্চত। এই সন্দৰ্ভতো বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
তাৰোপৰি শিতানৰ পৰা জনৈক ছন্দেশ্বৰ গগৈক ১৯ হাজাৰ ৪৫৬ টকা, ৰাজীৱ দলেক ২৪ হাজাৰ ১৬৩ টকা, গুণাৰাম চেতিয়াক ২লাখ ৫৯ হাজাৰ ২৩৬ প্ৰশান্ত গগৈ আদিক ধন প্ৰদান কৰা দেখুৱাইছে যদিও এই সন্দৰ্ভত এখনো বিল ভাউচাৰ আৰ টি আই তথ্যত যোগান ধৰিবলৈ সক্ষম নহ'ল কৰ্তৃপক্ষ।
ঘিলামৰাবাসীৰ সপোনৰ আদৰ্শ শিক্ষানুষ্ঠানখনক দুৰ্নীতিৰ কৰাল গ্ৰাসত নিমৰ্জিত কৰি আদর্শহীন অধ্যক্ষজনে অব্যাহত ৰখা দৌৰাত্ম্যৰ বাবেই ২০২৩-২০২৪ চনৰ তুলনাত ২০২৪-২০২৫ শিক্ষা বর্ষত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। অধ্যক্ষৰ মইমতালি ,দুৰ্নীতিগ্ৰস্ত ভূমিকা আৰু অভিভাবকক কৰা দুৰ্ব্যৱহাৰৰ বাবে এইখন বিদ্যালয়ৰ পৰা শিক্ষাৰ্থী অন্য বিদ্যালয়লৈ লৈ যোৱা দৃষ্টগোচৰ হৈছে।
উল্লেখযোগ্য যে বিদ্যালয়ৰ চৌহদত থকা তামোলো চোৰাং ভাবে বিক্ৰী কৰাত মত্ত হোৱা এইজন অধ্যক্ষ হাজৰিকাই মধ্যাহ্ন ভোজনৰ সামগ্ৰী ক্ৰয়ৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰি তাক মিলাবলৈ ঘিলামৰা সাপ্তাহিক বজাৰৰ এন বি ষ্ট'ৰৰ পৰা স্বত্বাধিকাৰীৰ স্বাক্ষৰ, ছীল বিহীন বহু সংখ্যক উকা ভাউচাৰ সংগ্ৰহ কৰি কাৰ্য্যালয়ত মজুত কৰি ৰাখিছিল।
ঘিলামৰাৰ বৰদলনী শিক্ষা খণ্ডৰ শিক্ষা বিষয়া চুমী শইকীয়াৰ তদন্ত কালত এই সমস্ত কুকীৰ্তি পোহৰলৈ আহিছিল। কিন্তু এনে ভয়ংকৰ অনিয়ম কৰাৰ প্ৰামানিক তথ্য লাভৰ পাছতো অধ্যক্ষ আৰু দোকানৰ স্বত্বাধিকাৰীৰ ওপৰত কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। প্ৰশাসনীয় ভাবে এনেবোৰ সমস্ত কুকীৰ্তিৰ পৰা ৰেহাই পালেও এই অশুভ শক্তিটোৰ বিৰুদ্ধে অচিৰেই এক ৰাজহুৱা গোচৰ তৰাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে।