অসম

মঙলদৈ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত ব্যতিক্ৰমী কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈত শিক্ষা দানৰ বাবে এক অনন্য পদক্ষেপ। পশ্চিম মঙলদৈ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী কৰ্মশালা ।

সুন্দৰ হাতৰ আখৰ, নেওঁতাৰ চৰ্চা আৰু ব্ৰেইন জীমৰ সম্পৰ্কে চাৰিদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয় । ১৫০ গৰাকী ছাত্ৰ ছাত্ৰীক নাগাৰা, তবলা, ঢোল লৈ নৃত্য গীতৰ জৰিয়তে নেওঁতা চৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰে । প্ৰশিক্ষকে মস্তিষ্কৰ উৎকৰ্ষ সাধনৰ বাবেও বিভিন্ন ধৰণে ব্যায়ামৰ দিহা দিয়ে ।

উল্লেখ্য যে, 'সৰু কথা নাজানিলে লেঠা' শ্লোগান লৈ "আই' নামৰ এটা শিক্ষা সংস্থাই বিদ্যালয়ে বিদ্যালয়ে ঘূৰি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণে শিক্ষা দি আহিছে । গতানুগতিক শিক্ষাৰ বিপৰীতে মনোৰঞ্জনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত কেনেদৰে জ্ঞান বিলাব পাৰি তাৰেই প্ৰচেষ্টা অব্যাহত ৰাখিছে এই সংস্থাটোৱে ।

বিশেষকৈ নেওঁতাৰ চৰ্চা, সুন্দৰ হাতৰ আখৰ, এবেকাচকে ধৰি মুঠ ৬ টা প্ৰকল্প লৈ উপস্থিত হৈছে মঙলদৈৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত । চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাত বিভিন্ন গীত নৃত্যৰে ছাত্ৰ ছাত্ৰী সকলক শিক্ষাদান কৰে । এনেধৰণে প্ৰদান কৰা শিক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট উপকৃত হয় বুলি উল্লেখ কৰে ।