প্ৰবীণ ৰাজনৈতিক নেতা হেমেন দাসৰ অভিনন্দন গ্ৰন্থ "অক্লান্ত সংগ্ৰামী"ৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ

প্ৰায় ৫০০ পৃষ্ঠাৰ বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ মূল্য ( ৩৫০ টকা) অপৰিৱৰ্তিত ৰখা হৈছে

author-image
Asomiya Pratidin
New Update
প্ৰবীণ ৰাজনৈতিক নেতা হেমেন দাসৰ অভিনন্দন গ্ৰন্থ "অক্লান্ত সংগ্ৰামী"ৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ

ডিজিটেল ডেস্কঃ অসমৰ ৰাজনীতিত ৯৩ বছৰ বয়সতো সক্ৰিয় ভূমিকা পালন কৰা জ্যেষ্ঠ বাঁওপন্থী ৰাজনৈতিক নেতা তথা সৰভোগ সমষ্টিৰ ৪ বাৰৰ বিধায়ক, লেখক হেমেন দাসৰ জীৱন আৰু কৰ্ম বিষয়ক অভিনন্দন গ্ৰন্থ "অক্লান্ত সংগ্ৰামী"ৰ পৰিবৰ্ধিত দ্বিতীয় সংস্কৰণ প্ৰকাশিত হৈছে । গুৱাহাটীৰ 'বান্ধব' প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত তথা ৰণজিৎ দাস আৰু ডঃ চুলতান আলী আহমেদৰ দ্বাৰা সম্পাদিত হেমেন দাস অভিনন্দন গ্ৰন্থ "অক্লান্ত সংগ্ৰামী"ৰ প্ৰথম সংস্কৰণৰ সকলো কপি মাত্ৰ দুমাহৰ ভিতৰতে শেষ হোৱাৰ পিছত পৰিবৰ্ধিত আৰু সংশোধিত দ্বিতীয় সংস্কৰণ বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হৈছে।

Advertisment

পৰিবৰ্ধিত দ্বিতীয় সংস্কৰণত পূৰ্বৰ সংস্কৰণত সন্নিৱিষ্ট অসমৰ বিশিষ্ট লেখকসকলৰ দ্বাৰা লিখিত ৬১ টা প্ৰবন্ধৰ লগতে নতুনকৈ তিনিটা লেখা জ্ঞানশ্ৰী আগৰৱালা পাঠক, সমীন্দ্ৰ হুজুৰি আৰু ড০ চুলতান আলী আহমেদৰ দ্বাৰা লিখিত সংযোজিত কৰা হৈছে। লগতে হেমেন দাসৰ জীৱন আৰু কৰ্মৰ সৈতে জড়িত পূৰ্বৰ সংস্কৰণৰ ২৪ খন ৰঙীন আলোকচিত্ৰৰ সৈতে নতুনকৈ ১৭ খন ৰঙীন আলোকচিত্ৰ সংযোজিত কৰা হৈছে যদিও প্ৰায় ৫০০ পৃষ্ঠাৰ বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ মূল্য ( ৩৫০ টকা) অপৰিৱৰ্তিত ৰখা হৈছে।

আগ্ৰহীসকলে গুৱাহাটীৰ 'বান্ধব' আৰু 'নৱযুগ প্ৰকাশন' ৰ পৰা কিতাপখন সংগ্ৰহ কৰিব পাৰিব। তদুপৰি 'এমাজন'ৰ পৰা অনলাইন যোগেও গ্ৰন্থখন ক্ৰয় কৰিব পাৰিব বুলি প্ৰকাশন প্ৰতিষ্ঠান 'বান্ধব'ৰ স্বত্বাধিকাৰী ৰঞ্জন শৰ্মাই জানিবলৈ দিছে।

Also Read: লামডিঙত জব্দ বৃহৎ পৰিমাণৰ সন্দেহ জনক বাৰ্মিজ চুপাৰি...

hemen das politician