স্বাধীনতা সংগ্ৰামী - বড়ো ভাষাৰ সৈনিক যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ ১০৬ সংখ্যক জন্মদিৱস পালন

দেশৰ স্বাধীনতা সংগ্ৰামী তথা বড়ো বিজৌংনি ফাইখি অৰ্থ্যাৎ বড়ো ভাষাৰ সৈনিক যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ সোমবাৰে ১০৬ সংখ্যক জন্মদিৱস উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ ১০৬ সংখ্যক জন্মদিৱস পালন

যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ ১০৬ সংখ্যক জন্মদিৱস পালন

ডিজিটেল সংবাদ, চিৰাং : দেশৰ স্বাধীনতা সংগ্ৰামী তথা বড়ো বিজৌংনি ফাইখি অৰ্থ্যাৎ বড়ো ভাষাৰ সৈনিক যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ সোমবাৰে ১০৬ সংখ্যক জন্মদিৱস উদযাপন কৰা হয়। বড়ো সাহিত্য সভা আৰু যোগেন্দ্ৰ কুমাৰ বসুমতাৰী ট্ৰাষ্টৰ উদ্যোগত আজি চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিজৌমপুৰীস্থিত তেখেতৰ সমাধিস্থলীত কেইবা শতাধিক গুণমুগ্ধ আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত দিনজোৰা কাৰ্য্যসূচীৰে জন্মদিৱস পালন কৰা হয়। 

Advertisment
যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ ১০৬ সংখ্যক জন্মদিৱস পালন
যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ ১০৬ সংখ্যক জন্মদিৱস পালন

 

পুৱা বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নীলকান্ত গয়াৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য ছাইখং বসুমতাৰী, জিলা এবছুৰ সভাপতি দিলীপ বসুমতাৰীসহ বহু আমন্ত্ৰিত অতিথিৰ উপস্থিতিত পতাকা উত্তোলন, প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন, মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰী জীৱনকালত দেশৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা কালৰ এগৰাকী একনিষ্ঠ কৰ্মী, অসমত বড়ো মাধ্যমৰ শিক্ষা প্ৰদান আদি কৰি বড়ো সমাজৰ উন্নতিৰ হকে তেখেতৰ যি অসামান্য বৰঙণিৰ কথা আজিৰ অনুষ্ঠানত আলোকপাত কৰে আমন্ত্ৰিত অতিথিসকলে । 

ইয়াৰ পিছত দুপৰীয়া বাসুগাঁও পৌৰসভাৰ প্ৰেক্ষাগৃহত বড়ো সমাজত প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ অৱদান সন্দৰ্ভত এক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় । চিৰাং জিলা বড়ো সাহিত্য সভাৰ সভাপতি নগেন্দ্ৰ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত আলোচনাচক্ৰত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰী । 

তদুপৰি আজিৰ এই আলোচনাচক্ৰত জিলা সাহিত্য সভা, জিলা এবছুৰ নেতৃবৰ্গৰ উপৰি সাহিত্যিক, ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ।

চিৰাং বড়ো