/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/f5472195-ced5-4ed1-b8ff-a19ff88300b7/12.jpg)
ডিজিটেল সংবাদ,ঢাকা : বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা সন্দৰ্ভত জ্যেষ্ঠ বি এন পি নেতা ৰুহুল কবিৰ ৰিজৱীয়ে বিস্ফোৰক মন্তব্য কৰে। শুকুৰবাৰে এখন ভাৰ্চুৱেল সংবাদমেলত তেওঁ কয় যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে জন আন্দোলন, দেশৰ ৯৫% লোকৰ মতামতক উপেক্ষা কৰি একপক্ষীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ব্যাকুল হৈ পৰিছে।
তেওঁ লগতে অভিযোগ কৰে যে,নিৰ্বাচন আয়োগ আৰু আৱামী লীগৰ প্ৰতি অনুগত প্ৰশাসনে নতুন সূত্ৰ ব্যৱহাৰ কৰি বি এন পিক আঁতৰাবলৈ চেষ্টা কৰি আছে। চৰকাৰ কৰ্তনৰ বাবে চলি থকা আন্দোলনৰ অংশ হিচাপে অনুষ্ঠিত বিৰোধীৰ ৰাজনৈতিক কাৰ্যসূচীৰ সময়ত বিভিন্ন অভিযোগৰ অজুহাতত বি এন পিৰ নেতা-কৰ্মীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা, গ্ৰেপ্তাৰ কৰা আদি এনেবোৰ অবিবেচকী কৰ্মকাণ্ড হাছিনা চৰকাৰে কৰে।
চৰকাৰৰ এনে আচৰণক তীব্ৰ গৰিহণা দিয়ে নেতাগৰাকীয়ে। ৰিজৱীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী হাছিনাই তথাকথিত নিৰ্বাচনত ভোটকেন্দ্ৰসমূহত ভোটাৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ বি এন পিক বাহিৰত ৰাখি এক নতুন অভিযান আৰম্ভ কৰিছে।
আনহাতে আৱামী লীগ আৰু দলটোৰ প্ৰতি অনুগত প্ৰশাসনৰ বিষয়াসকলে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত চৰকাৰৰ সামাজিক সুৰক্ষা কাৰ্যসূচীৰ অধীনত লাভান্বিত হোৱা প্ৰায় ২কোটি লোকক লক্ষ্য কৰি লৈছে বুলি বি এন পি নেতাজনে অভিযোগ কৰে।
উক্ত সংবাদমেলত তেওঁ উত্থাপন কৰে যে যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশতে বি এন পি আৰু ইয়াৰ সহযোগী সংগঠনসমূহৰ ২৯২ জন নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে।
Also Read: ধেমাজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আয়ুৰ্বেদিক স্বাস্থ্য শিবিৰ