/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7f256f13-61c5-4a9c-b397-df5c0f74e827/11.jpg)
ডিজিটেল সংবাদ,ধেমাজি : ধেমাজিত শুকুৰবাৰে এখনি আয়ুৰ্বেদিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। অহা ১০ নৱেম্বৰত পালন কৰা হ'ব ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক অষ্টম বাৰ্ষিক দিৱস। এই দিৱস উপলক্ষে আয়ুৰ্বেদিক ঔষধে জনসাধাৰণৰ ওপৰত কেনেদৰে প্ৰভাৱান্বিত কৰিব পাৰে এই সম্পৰ্কে সজাগতা অনাৰ উদ্দেশ্য ধেমাজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত চমৰাজান গাওঁ পঞ্চায়তৰ মুকলি সভাগৃহত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় ৷
আয়ুৰ্বেদিক চিকিৎসা,ঔষধ আৰু ৰোগীক আৰোগ্য কৰা সম্পৰ্কে শিবিৰত আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে। সভাৰ পূৰ্বে সজাগতা শিবিৰটোৰ ফিটা কাটি মুকলি কৰে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/604a6a21-9f58-4f66-ba28-2be5076dd7b3/682ddba6_644e_4708_a151_d5c52e1de545.jpg)
বন্তি প্ৰজ্বলন কৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোহাঁইয়ে ৷ সভাত ঔষধৰ প্ৰযোগ,গুণাগুণ,চিকিৎসা পদ্ধতি,চিকিৎসা শিক্ষা পাঠ্যক্ৰম ,ইয়াৰ লগত পৰোক্ষভাৱে কৃষকসকলে জড়িত হ’লে কেনেদৰে অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব পাৰিব আৰু ছাত্ৰ-ছাত্ৰীসকল কেনেদৰে উপকৃত হ'ব পাৰিব এই সকলোবোৰ দিশ সামৰি বিস্তৃতভাৱে ৰাইজৰ আগত আলোকপাত কৰে জ্যেষ্ঠ চিকিৎসক তথা আয়ুসৰ নডেল বিষয়া ডাঃ লক্ষ্য সন্দিকৈয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c40b01d9-aa2e-47b3-b786-85e78b87a5a7/578477fc_c71f_4506_a0cb_a6823206f152.jpg)
সভাত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী,ধেমাজি জিলা স্বাস্থ্য সেৱা যুটীয়া সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোহাঁই,মহকুমা স্বাস্থ্য বিষয়া ডাঃ যোগেন দাস আৰু চমৰাজান গাওঁ পঞ্চায়তৰ সভাপতি প্ৰদীপ বৰাই ৷ সভাত জিলা স্বাস্থ্য বিষয়া-কৰ্মচাৰীসকলৰ লগতে অঞ্চলৰ শতাধিক ৰাইজ উপস্থিত থাকে ৷
Also Read: অসম সাহিত্য সভাৰ বাৰপূজীয়া অধিৱেশনক লৈ আদৰণি সমিতিৰ তৎপৰতা