বাংলাদেশৰ সংসদীয় নিৰ্বাচনৰ সময়সূচী ঘোষণা : ২০২৪ৰ ৭ জানুৱাৰীত হ’ব ভোটগ্ৰহণ

বাংলাদেশৰ সংসদীয় নিৰ্বাচনৰ সময়সূচী ঘোষণা : ২০২৪ৰ ৭ জানুৱাৰীত হ’ব ভোটগ্ৰহণ

author-image
Asomiya Pratidin
New Update
বাংলাদেশৰ সংসদীয় নিৰ্বাচনৰ সময়সূচী ঘোষণা : ২০২৪ৰ ৭ জানুৱাৰীত হ’ব ভোটগ্ৰহণ

ডিজিটেল সংবাদ, ঢাকাঃ বাংলাদেশৰ বিৰোধী দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টি (বিএনপি) আৰু ইয়াৰ মিত্ৰ দলসমূহে প্ৰতিবাদ কৰি থকাৰ মাজতে বাংলাদেশৰ নিৰ্বাচন আয়োগে বুধবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বাংলাদেশৰ ১২ সংখ্যক সংসদীয় নিৰ্বাচনৰ সময়সূচী। অহা ২০২৪ চনৰ ৭ জানুৱাৰীত বাংলাদেশত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

Advertisment

বুধবাৰে সন্ধিয়া টিভি আৰু ৰেডিঅ’ত ৰাষ্ট্ৰীয় পৰ্যায়ত সম্প্ৰচাৰিত ভাষণত মুখ্য নিৰ্বাচন আয়ুক্ত কাজী হাবিবুল আৱালে এই কথা ঘোষণা কৰে। এই ঘোষণাৰ পাছতে বিৰোধী দল বিএনপি আৰু ইয়াৰ মিত্ৰদলসমূহে কৰি থকা প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ হৈ উঠাৰ সম্ভাৱনাই দেখা দিছে। উল্লেখ্য যে, বিৰোধী দলসমূহে আৱামী লীগক ক্ষমতাত ৰাখি বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

ইয়াৰ বিপৰীতে শাসকীয় আৱামি লীগে নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ পাছত উদযাপনমূলক পদযাত্ৰাৰ বাবে সাজু হৈছে। কোনো অনিৰ্বাচিত প্ৰশাসনক ক্ষমতা গতাই দিলে সংবিধান উলংঘা হ’ব বুলি যুক্তি দি পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে দলটোৱে।

নিৰ্বাচনৰ সময়সূচী ঘোষণাক লৈ হিংসাত্মক সংঘৰ্ষৰ আশংকাই দেখা দিয়া বাংলাদেশত আইন প্ৰয়োগকাৰী সংস্থাই ঢাকা আৰু দেশৰ অন্যান্য অঞ্চলত বিশেষকৈ নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়ৰ আশে-পাশে নিৰাপত্তা ব্যৱস্থাক যথেষ্ট শক্তিশালী কৰিছে।

উল্লেখযোগ্য যে বিৰোধী আৰু শাসকীয় দুয়োটা দলে আলোচনাৰ আহ্বান নাকচ কৰিছে। য’ত আমেৰিকাই শেহতীয়াকৈ কৰা অভাৰচাৰটোও নাকচ কৰিছে। যিয়ে আগন্তুক নিৰ্বাচনৰ ন্যায্যতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। বাংলাদেশত প্ৰতিবাদ আৰু নিৰ্বাচনৰ সময়ত সম্ভাৱ্য সংঘৰ্ষ আৰু হিংসাৰ বিষয়েও আমেৰিকাই আশংকা প্ৰকাশ কৰি শান্তিপূৰ্ণ আৰু স্বচ্ছ নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Also Read: চিলাপথাৰত বিজেপি, গনশক্তি, অগপৰ শতাধিক লোকৰ কংগ্ৰেছত যোগদান

bangladesh