/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c2437a72-e442-4321-8911-aa69574177fb/8.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ বুধবাৰে চিলাপথাৰত সন্মিলিত গনশক্তি, বিজেপি আদি বিভিন্ন দলৰ কৰ্মীৰ লগতে ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা, অৱৰসৰ প্ৰাপ্ত শিক্ষকৰ লগতে শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰেl
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7b19dbc6-58fc-4e07-a6f4-6d68ca3a1fb2/5e2ce993_7dcd_4d83_956a_46dcc8997d64.jpg)
চিচি ব্লক কংগ্ৰেছৰ হৈ প্ৰশান্ত চেতিয়াই জনোৱা মতে, বুধবাৰে চিলাপথাৰ অঞ্চলটোৰ কেবাৰংগত কুলাজান, উজনি আৰু মধ্য চিচি টঙানি মণ্ডলৰ এখন যৌথ জনাকীৰ্ণ কৰ্মী সভা অনুষ্ঠিত হয়। উক্ত সভাতেই মধ্য চিচি টঙানিৰ ক্ৰমে মনিকান্ত দলে, হিৰঞ্জিত পেগু, ডিস্ক কুটুম, কৃষ্ণ পেগু, চিত্ৰ মিলি, বুধিনাথ নৰহ, ভূঞা নৰহ, ৰতি কান্ত দলে, নাৰায়ন নৰহ, দিলীপ পেগু, ঘনশ্যাম মৰাং, লখেশ্বৰ পাইত, লখিন্দৰ টায়ে আদি বহু লোকে কংগ্ৰেছ দলক সমৰ্থন জনাই দলত যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c112d4fd-fd3a-4973-8dc3-a5b34644a13c/e49d02da_594b_4ec2_8c2d_26b003d7cbba.jpg)
লগতে মুক্তিয়াৰ পঞ্চায়তৰ পদ্মসিং মৰাং, ধীৰাম মৰাং, মাধৱ ৰেগণ,বাবা দলে,ধৰ্মৰাজ পেগু,নোমল পেগু, জায়দেব কাৰ্দং, ৰাজেন ৰেগন, অবিনাশ পেগুৱেও কংগ্ৰেছত যোগ দান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/d0c24160-33b4-483e-b606-ae75b8e19a74/9f4043fe_faa2_4e05_a892_7fd6e1889e4e.jpg)
একেদৰে উজনি চিচি টঙানিৰ বিলৰাম পেগু, হেমাকান্ত পেগু, মনোবতি পেগু, কৃষ্ণ কাৰ্দং, জানমণি পেগু, গম্ভীৰ দলে, উজ্বল দলে, দীননাথ পেগু, মনোজ দলে, নিৰদা পেগু, মিলন পেগু, জয়ন্ত পেগু, ধৰণী পেগু, তিলক পেগু, ৰশ্মি কুটুম, সুবল পেগু, ডেভিদ কুটুম, চাহিদা কুটুম, পদেশ্বৰ দলে, প্ৰণৱ পেগু, বিজিত পেগু, উমলা দলে, ক্ষীৰেশ দলে, কুলাজন পঞ্চয়তাৰ লীলাধৰ পাইত, বাপুকান পেগু, আপ্পুন কুটুম আদি শতাধিক লোকে আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/41053b73-09d6-4f67-bdb0-c64f493025f2/8699dc6f_f34d_43db_92b6_771c47c6bf35.jpg)
তিনিওটা মণ্ডলৰ যৌথ কৰ্মী সভাত উপস্থিত থাকে ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বুঢ়াগোহাঁই, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ভাস্কৰ দুৱৰা, প্ৰদেশ কংগ্ৰেছৰ সদস্য বিজয় পেগু, বৰ্ষীয়ান কংগ্ৰেছ কৰ্মী মাখন কামান কুলি, কংগ্ৰেছ কৰ্মী প্ৰশান্ত গগৈ, যাদৱ কুলি, বিদ্যা কাৰ্দং প্ৰমুখ্যে বহু নেতা কৰ্মী আৰু সাধাৰণ ৰাইজ। প্ৰৱীণ কংগ্ৰেছী নেতাসকলে নৱাগত সকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনাই ৰাষ্ট্ৰীয় দলটোৰ নীতি আদৰ্শ সৰোগত কৰি সমাজ সেৱাত আত্মনিয়োগ কৰি যাবলৈ সকলোকে আহ্বান জনায়।
Also Read: কঠীয়াতলীত শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি