বৃদ্ধি পাইছে ধৰ্মীয় অসহিষ্ণুতা, ব‍াংলাদেশত ১৪ টাকৈ মন্দিৰত দুষ্কৃতিকাৰীৰ আক্ৰমণ

বৃদ্ধি পাইছে ধৰ্মীয় অসহিষ্ণুতা, ব‍াংলাদেশত ১৪ টাকৈ মন্দিৰত দুষ্কৃতিকাৰীৰ আক্ৰমণ

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বতেই যেন ক্ৰমাৎ বৃদ্ধি পাই আহিছে ধৰ্মীয় অসহিষ্ণুতা । এই বিদ্বেষে কেৱল সুবিধাবাদীসকলক সহায় কৰাৰ বাহিৰে আন একো অৱদান আগবঢ়াব পৰা নাই এতিয়ালৈ । এই কাণ্ড নতুন নহয় বিশ্বৰ বাবে । অতীজৰে পৰাই চলি আহিছে এই ঘটনা । আয়াৰলেণ্ডৰ ভাইকিং সকলৰ পৰা আৰম্ভ কৰি বৰ্তমান উগ্ৰ ধৰ্মনেতা সকলৰ বিদ্বেষমূলক মন্তব্যলৈকে সকলোৱে কেৱল নিজৰ উপাসনাৰ শৈলীটোকেই গুৰুত্ব প্ৰদান কৰি পাহৰি পেলাইছে মানুহ হৈ থকাৰ উপায়সমূহ ।

তেনে এক অনুৰূপ ঘটনাই শেহতীয়াকৈ সংঘটিত হ'ল বাংলাদেশত । বাংলাদেশৰ উত্তৰ-পশ্চিম সীমান্তৰ ১৪ টাকৈ হিন্দু মন্দিৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি ধ্বংস কৰিলে বিগ্ৰহৰ প্ৰতিমূৰ্ত্তি ।

এই ঘটনা বাংলাদেশৰ উপ-জিলা ঠাকুৰগাৱৰ । অঞ্চলটিৰ এক হিন্দু নেতা বিদ্যানাথ বৰ্মনৰ ভাষ্য অনুসৰি, সমগ্ৰ ঘটনাৰাজি সংঘটিত হৈছিল শনিবাৰে নিশা আৰু ৰবিবাৰে বিয়লি । অচিনাক্ত দুবৃত্তিকাৰীৰ এক দলে অন্ধকাৰৰ সুযোগ গ্ৰহণ কৰি ১৪টাকৈ মন্দিৰত চলাই এই আক্ৰমণ, য'ত মন্দিৰসমূহত থকা বিগ্ৰহ পৰ্যন্ত ক্ষতিগ্ৰস্ত হয় ।

একেই ঘটনা সংঘটিত হ'ল ইউনাইটেড কিংদমৰ বাৰ্মিংহাম আৰু লেইছেষ্টাৰ প্ৰদেশতো । লেইছেষ্টাৰ প্ৰদেশৰ এগৰাকী বাসিন্দাৰ ভাষ্য অনুসৰি, পূৰ্বতে এনে ঘটনা সংঘটিত হোৱা নাছিল অঞ্চলটোত । হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলে পূৰ্বৰে পৰাই সম্প্ৰীতিৰে বাস কৰি আহিছিল ইউনাইটেড কিংদমত । তেনেস্থলত এই ঘটনাৰ আঁৰত কোন আছে সেই কথা জানিব পৰা হোৱা নাই কোনো পধ্যেই ।

এতিয়া প্ৰশ্ন হয়, এই ধৰ্মীয় অসহিষ্ণুতা কিয় আৰু কেনেকৈ ? এই ধৰ্মীয় অসহিষ্ণুতাৰ আঁৰত কোনোবা দুষ্টচক্ৰ আছে নে এইয়া ৰাইজৰ স্বতস্ফুৰ্ত প্ৰতিক্ৰিয়া ? চৰকাৰে কোনো ব্যৱস্থা লৈছে নে ইয়াৰ বাবে ? কিয়নো প্ৰায় প্ৰতিজন লোকৰেই অন্তৰত দ কৈ শিপাই আছে ধৰ্মীয় অনুভূতি, তেনেস্থলত প্ৰত্যেকটো কাৰ্যৰেই বিপৰীত প্ৰতিক্ৰিয়া ৰোধ কৰিবলৈ চৰকাৰে কঠোৰ ব্যৱস্থা হাতত লোৱাটো অত্যন্ত প্ৰয়োজনীয় । ইয়াৰ সৈতেই অনুধাৱণ কৰিব লগীয়া আন বিষয় হ'ল কোনো দুষ্টচক্ৰৰ জৰিয়তে হিন্দু সকলক অস্থিৰ কৰি তোলাৰ এইয়া কোনো ষড়যন্ত্ৰ নেকি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in