প্ৰকাশ হ'ব মঙল গ্ৰহৰ ৰহস্য, উভতি আহিব পাৰ্চিভেৰেঞ্চ

প্ৰকাশ হ'ব মঙল গ্ৰহৰ ৰহস্য, উভতি আহিব পাৰ্চিভেৰেঞ্চ

ডিজিটেল ডেস্ক : সম্পূৰ্ণ হৈছে মঙল গ্ৰহৰ অধ্যয়ন । উভতি আহিব মঙল গ্ৰহলৈ পঠিওৱা মহাকাশযান । এই যানখন হৈছে এক ৰোভাৰ । অৰ্থাৎ অন্য গ্ৰহৰ তথ্য সংগ্ৰহ কৰিবলৈ তথা কঠিন পৃষ্ঠত চলাচল কৰাবৰ বাবে নিৰ্মাণ কৰা এক যন্ত্ৰ । যি পৃথিৱীপৃষ্ঠৰ পৰাই নিয়ন্ত্ৰণ কৰা হয় । পৃথিৱীবাসীৰ বাবে দুৰ্বোধ্য মঙল গ্ৰহৰ ৰহস্য ভেদ কৰিবলৈ প্ৰেৰণ কৰা হৈছিল বহু কেইখন ৰোভাৰ যন্ত্ৰ ।

ইয়াৰ পূৰ্বে মঙল গ্ৰহলৈ প্ৰেৰণ কৰা ৰোভাৰ ইনচাইটে ইতিমধ্যেই প্ৰেৰণ কৰিছিল শেষ বাৰ্তা । সৌৰ জগতৰ সৃষ্টিৰ পৰা ৪.৫ বিলিয়ন বৰ্ষ অতিক্ৰম কৰাৰ পিছত প্ৰথম বাৰৰ বাবে মঙল গ্ৰহলৈ প্ৰেৰণ কৰা হৈছিল ইনচাইট । মঙল গ্ৰহক সম্পূৰ্ণ ৰূপে অধ্যয়ন কৰা হৈছিল ইনচাইটৰ জৰিয়তে ।

যাৰ পাছতেই মানুহৰ বাবে যে মঙল গ্ৰহ উপকূল নহয় সেই কথা প্ৰমাণ কৰিছিল । বিগত চাৰি বছৰে নিসংগ হৈ সম্পৰীক্ষা চলোৱাৰ পাছত ক্ৰমাৎ শক্তি শেষ হৈ অহা বুলি জনাইছিল ইনচাইটে । ইনচাইটৰ শেষ বাৰ্তাটো আছিল অতি সোনকালেই স্তব্ধ হৈ পৰিব পাৰে ইনচাইট । অৱশেষত তেনেই হ'ল ।

কিন্তু তেনে সময়তেই মঙল গ্ৰহলৈ প্ৰেৰণ কৰা হৈছিল আন এখন ৰোভাৰ যন্ত্ৰ । এই যানখনৰ নাম পাৰ্চিভেৰেঞ্চ । এই যানখনৰ জৰিয়তে মঙল গ্ৰহৰ শিলৰ নমুনা সংগ্ৰহ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰা হ'ব । যি পৰৱৰ্তী সময়ত গৱেষণাৰ জৰিয়তে প্ৰমাণ কৰিব মঙল গ্ৰহত পূৰ্বতে কোনো প্ৰাণী আছিল নেকি ।

উল্লেখ্য যে, প্ৰিচাৰ্ভেৰেঞ্চক মঙল গ্ৰহলৈ পঠিওৱা হৈছিল ৪৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ এটি অঞ্চলৰ অধ্যয়ন কৰিবলৈ ।কেইবা বিলিয়ন বৰ্ষ পূৰ্বে এই অঞ্চলটিত এটি হ্ৰদ থকা বুলি অনুমান কৰিছিল গৱেষকসকলে আৰু তাৰেই ভিত্তিত মঙল গ্ৰহলৈ পঠিওৱা হৈছিল এইখন ৰোভাৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in