গণ ধৰ্ষণ কাণ্ডৰে জড়িত ১০ জনক মৃত্যুদণ্ড, ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

গণ ধৰ্ষণ কাণ্ডৰে জড়িত ১০ জনক মৃত্যুদণ্ড, ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

author-image
Asomiya Pratidin
New Update
গণ ধৰ্ষণ কাণ্ডৰে জড়িত ১০ জনক মৃত্যুদণ্ড, ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

ডিজিটেল সংবাদ, ঢাকাঃ গণ ধৰ্ষণ কাণ্ডৰে জড়িত ১০ জনক মৃত্যুদণ্ডৰ লগতে ৬জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ। ইয়াৰ লগতে ৫০,০০০ কৈ জৰিমণাও বিহে আদালতে। এই ঘটনা বাংলাদেশৰ।

Advertisment

নখালী আদালতে এই ৰায় দিয়ে। যদি জৰিমণা দিব নোৱাৰে তেন্তে অতিৰিক্ত ২ বছৰৰ কাৰাদণ্ড খাটিব লাগিব।নখালি মহিলা আৰু শিশু দমন প্ৰতিৰোধ ন্যায়াধিকৰণ-২ ৰ ন্যায়াধীশ ফাতেমা ফেৰ্ডৌছে সোমবাৰে এই ৰায় প্ৰদান কৰে।

মৃত্যুদণ্ড প্ৰাপ্ত সকল হৈছে- ৰুহুল আমিন, মোঃ হাছান আলী বুলু, এমডি চোহেল, স্বপ্ন, ইব্ৰাহিম খলিল, আবুল হোছেইন আবু, মো. ছালাহুদ্দিন, মো. জছিম উদ্দিন, মোঃ মুৰাদ আৰু মোঃ জামাল হেঞ্জু।

আজীৱন কাৰাদণ্ড লাভ কৰাসকল- হানিফ, মো.চৌধুৰী, মোঃ বাদশ্বাহ আলম, মোছাৰফ, মোঃ মিন্টু ওৰফে হেলাল আৰু মোঃ চোহেল। ঘটনাটোৰ পিছৰে পৰা মিন্টু ওৰফে হেলাল পলাতক হৈ আছে।

উল্লেখ্য যে, ২০১৮ চনৰ ৩০ ডিচেম্বৰৰ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ নিশা নখালীত এগৰাকী মহিলা দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল। জানিব পৰা মতে মহিলাগৰাকীৰ স্বামী আৰু সন্তানক বান্ধি এই কাণ্ড সংঘটিত কৰিছিল। মহিলাগৰাকী ৪ সন্তানৰ মাতৃ। মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে তেওঁলোকে দুবৃত্তসকলে বিচৰা দলত ভোট দিয়া নাছিল বাবে এনে কাণ্ড সংঘটিত কৰিছিল।

Also Read: পৰীক্ষাৰ্থীৰ বাবে এই খবৰ! নকল কৰিলে হ'ব কঠোৰ শাস্তি

crime bangladesh