পৰীক্ষাৰ্থীৰ বাবে এই খবৰ! নকল কৰিলে হ'ব কঠোৰ শাস্তি

আজি অধিবেশনৰ প্ৰথম দিনাই বিধানসভাত উত্থাপন হয় নতুন বিধেয়ক। পৰীক্ষাক লৈ উত্থাপন হোৱা বিধেয়কখন - The Assam Public Examination bill, 2024।

author-image
Asomiya Pratidin
New Update
পৰীক্ষাৰ্থীৰ বাবে এই খবৰ! নকল কৰিলে হ'ব কঠোৰ শাস্তি

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। আজি অধিবেশনৰ প্ৰথম দিনাই বিধানসভাত উত্থাপন হয় নতুন বিধেয়ক। পৰীক্ষাক লৈ উত্থাপন হোৱা বিধেয়কখন - The Assam Public Examination bill, 2024।

Advertisment

পৰীক্ষাত অসৎ উপায় অৱলম্বন প্রতিৰোধৰ বাবে এই বিধেয়ক। প্রশ্ন কাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বিধেয়কত. অকৰ্তৃত্বশীলভাৱে প্রশ্ন কাকত কোনোৱে লগত ৰাখিব নোৱাৰিব।

তদুপৰি প্রশ্নকাকত বিক্রী, পৰীক্ষাৰ্থীক সহায় কৰা আদিৰ বিৰুদ্ধেও কঠোৰ এই বিধেয়ক । নিৰ্ধাৰিত প্রেছৰ বাহিৰে অন্য স্থানত প্রিণ্ট কৰিব নোৱাৰিব প্রশ্নকাকত । ৰাজ্য চৰকাৰৰ যিকোনো পৰীক্ষাত প্রযোজ্য হ’ব এই বিধি।

এপিএছচি, গুৱাহাটী উচ্চ ন্যায়ালয়, এছএলআৰচি গ্ৰেড ৩ আৰু গ্ৰেড ৪ কে ধৰি মেট্ৰিক, উচ্চতৰ মাধ্যমিক, টেট আদি পৰীক্ষাতো এই বিধেয়ত প্ৰযোজ্য হ'ব।

এই বিধেয়কৰ অধীনত নকল কৰি ধৰা পৰিলে ৩ বছৰৰ জেল আৰু ১০ লাখ টকাৰ জৰিমণা ভৰিব লাগিব। আনহাতে প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ জেল আৰু ১০ কোটি টকাৰ জৰিমণা ভৰিব লাগিব।

Also Read: বুদ্ধিজীৱি নহয়, গাওঁৰ ঘৰত কাম কৰা মহিলাক সুধি বিজেপিত যোগ দিলে কমল কুমাৰ মেধিয়ে...

The Assam Public Examination bill assam assembly